নিয়মীয়া বাৰ্তা, ২০ জুন : ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে শ্ৰীশ্ৰীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰা বিগত বছৰৰ দৰে এই বছৰেও কামৰূপ জিলাৰ বকোত আজি উদযাপন কৰা হয়। বকোৰ দক্ষিণ বৰপাৰাত থকা শ্ৰীশ্ৰীতাৰকব্ৰহ্ম হৰিনাম মহাযজ্ঞ প্ৰাঙ্গনত ১৯ আৰু ২০ জুনত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা। ৰথযাত্ৰাৰ কাৰ্য্যসূচী অনুসৰি ১৯ জুনত সন্ধিয়া শ্ৰীমদ্ভাগৱত পাঠ আৰু ধৰ্মীয় পৰম্পৰাৰে শুভাৰম্ভ। ইফালে ২০ জুন অৰ্থাৎ আজি জগন্নাথৰ মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা আৰু বকো চহৰৰ ভিন্ন প্ৰান্তত জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা প্ৰদৰ্শন। শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা উদযাপন সমিতিৰ সভানেত্ৰী কল্যানী সাহা, উপ সভানেত্ৰী শিৱানী সাহা আৰু সম্পাদিকা স্বৰ্ণলতা ৰায়ে জনোৱা মতে, বিগত বছৰত উদযাপন কৰা ৰথযাত্ৰাত ধৰ্মপ্ৰাণ ৰাইজৰ বিপুল সঁহাৰি পোৱাৰ পিছত এই বৰ্ষও আয়োজন কৰা হৈছে ৰথযাত্ৰাৰ। আজি ৰথযাত্ৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। কেৱা সহশ্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা ৰথযাত্ৰাৰ কাৰ্য্যসূচীত সহযোগ আগবঢ়াই বকোৰ কোচ ৰাজবংশী যুৱ নেতা বিষ্ণু ৰাম দাস, বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক বাপন বড়ো, গোৰ্খা কল্যাণ সমিতিৰ উপদেষ্টা গোপাল শৰ্মা, জ্যেষ্ঠ্য ধৰ্মপ্ৰাণ অচ্যুত সাহা, ৰমেন বৰাকে ধৰি বহু সংখ্যক ধৰ্মপ্ৰাণ লোক। ইফালে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জয় চৌধুৰীয়ে আত ধৰা ৰথযাত্ৰাৰ কাৰ্য্যসূচীত সহযোগ আগবঢ়াই তাৰকব্ৰহ্ম হৰিনাম মহাযজ্ঞ আয়োজন সমিতিৰ বিষয় ববীয়া আৰু বৃহত্তৰ অঞ্চলটোৰ আই মাতৃ সকলে।
প্ৰেৰক বিষ্ণু ৰাম দাস