নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠান

🔹 ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক ফ্লপ শ্ব’ আখ্যা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : সোণাৰিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত ৬৮০৯খন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠান।

জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহুকেইগৰাকী অতিথি উক্ত অনুষ্ঠানত উপস্থিত থাকে। সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা পঞ্চায়তৰ হিতাধিকাৰী উপস্থিত থাকে অনুষ্ঠানত। ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠানৰ পিছত সাংবাদিকৰ সন্মুখত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক ফ্লপ শ্ব’ আখ্যা দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like