নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ মুক্তিযুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ পূব আমোলাপট্টি নিবাসী, প্ৰবীণ মুক্তিযুঁজাৰু ৰত্নমালা গোহাঁইৰ আজি দুপৰীয়া নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ। উল্লেখযোগ্য যে বিয়াল্লিছৰ গণবিপ্লৱৰ ঢৌত আগবাঢ়ি আহিছিল মুক্তি সংগ্ৰামীসকলৰে এগৰাকী অসমীয়া মহিলা ভোগেশ্বৰী ফুকননী। নগাঁনৰ বৰহমপুৰ নিবাসী ভোগেশ্বৰী ফুকননীৰ ছজন পুত্ৰ আৰু দুগৰাকী ছোৱালীৰে তেওঁৰ আছিল সংসাৰ। শ্বহীদ ভোগেশ্বৰী ফুকননীৰে কন্যা ৰত্নমালা গোহাঁই। জানিব পৰা মতে ৪২’ৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ ওলাই আহিছিল বৰহমপুৰৰ বোৱাৰী ভোগেশ্বৰী ফুকননী। পুলিচ মিলিটেৰীৰ আগমনৰ লগে লগে ‘বন্দে মাতৰম্’ ধ্বনিৰে চাৰিওদিশ মুখৰিত হৈ পৰিলl ওচৰৰ গাঁৱৰ পৰা দলে বলে মানুহে হাতত পতাকা লৈ শোভাযাত্ৰা কৰিবলৈ ওলাই আহিলl দলৰ সন্মুখত হাতত পতাকা লৈ আহিল ৰত্নমালা আৰু লগত মাতৃ ভোগেশ্বৰী ফুকননী। পুলিচৰ সন্মুখীন হোৱাৰ লগে লগে কেপ্টেইন ফিনিছে ষোড়শী গাভৰু ৰত্নমালা গোহাঁইৰ হাতৰ পৰা সজোৰে ত্ৰিৰংগা পতাকা খন কাঢ়ি অনাৰ চেষ্টা কৰিলে। তনা আঁজোৰাত ৰত্নমালা গোহাঁই মাটিত পৰি গ’ল আৰু ত্ৰিৰংগা পতাকাৰ এনে অপমান দেখি ভোগেশ্বৰী ফুকননী উত্তেজিত হৈ পৰিলl উত্তেজনাত তেওঁৰ হাতত থকা ৰাষ্ট্ৰীয় পতাকা খন মাৰি ডালেৰে ফিনিছ চাহাবৰ মুখত মাৰি দিল। এনে অপমানত ক্ৰোধান্বিত হৈ ৰিভলভাৰ উলিয়াই ভোগেশ্বৰী ফুকননীৰ মূৰলৈ ওপৰা ওপৰিকৈ গুলী মাৰি দিলে। ১৯৪২ চনৰ ১৮ ছেপ্টেম্বৰত সংঘটিত এই ঘটনাতে স্বাধীনতা আন্দোলনৰ অসমৰ অন্যতম মহিলা শ্বহীদ ৫৭ বছৰীয়া ভোগেশ্বৰী ফুকননীয়ে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীণ মুক্তিযুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পেলায়। নগাঁও জিলা প্ৰশাসন, নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলন, শ্ৰীমন্ত শংকৰ মিশ্যন, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ মৃত্যুত নগাঁৱৰ আৰক্ষী প্ৰশাসনে চালামী দি সন্মান প্ৰদৰ্শন কৰে।

প্ৰেৰক মানৱ বৰা

You might also like