ৰাভা হাছঙক প্রদান কৰা হ’ব সাংবিধানিক মর্যাদাঃ ড০ শর্মা
ভূমি কিনা–বেচাৰ দায়িত্বও ৰাভা হাছঙক দিবলৈ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ৰাভা হাছঙৰ ভূমিৰ অধিকাৰ প্রদানৰ দায়িত্ব ৰাভা হাছঙক প্রদান কৰিবলৈ ৰাজ্য চৰকাৰ সাজু৷ এই মন্তব্য জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ৰাভা হাছং পৰিষদীয় এলেকাৰ ৰাভা জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ দীর্ঘদিনে অমীমাংসিত সমস্যাসমূহ সমাধানৰ দাবীত বুধবাৰে দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল গণ সমাৱেশত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মন্ত্রী ড০ শর্মাই কয় যে ৰাভা হাছঙৰ ভূমি বেচা–কিনাৰ দায়িত্ব ৰাভা হাছঙে লোৱাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰি দিব৷ ভাষণত মন্ত্রী ড০ শর্মাই কয়– ‘কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নিখিল ৰাভা ছাত্র সন্থা আৰু ৰাভা হাছং যৌথ মঞ্চৰ নেতৃবৃন্দৰ মাজত গুৱাহাটীত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকতেই ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰে সাংবিধানিক মর্যাদা প্রদান কৰা হ’ব বুলি আশ্বাস দিছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ লগতে ৰাভা হাছঙৰ চীফ টংকেশ্বৰ ৰাভা আৰু আৰছুৰ সভাপতি নৃপেন খান্দাও এই বৈঠকত উপস্থিত আছিল৷ উক্ত বৈঠকত ৰাভা হাছং পৰিষদৰ দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ দিশে আগবাঢ়ি যোৱা বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷
আনহাতে, বিশাল জনসভাত তেওঁ পুনৰ কয় যে বর্তমানৰ চৰকাৰখনে সদায় ৰাভা হাছঙৰ সমস্যাক গুৰুত্ব দি আহিছে৷ টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং পৰিষদে পৰিষদীয় এলেকাৰ স্থবিৰতা আঁতৰাবলৈ সক্ষম হৈছে৷ অঞ্চলটোত শান্তিৰ বাতাৱৰণৰ লগতে উন্নয়নৰ ধাৰা অব্যাহত আছে৷ ৰাভা হাছঙৰ প্রতি চৰকাৰৰ সদিচ্ছা থকাৰ বাবেই কেপিটেল ৰিজন আইনৰ আওতাৰ পৰা পৰিষদীয় এলেকাক মুক্ত কৰি দিয়া হৈছে৷ বিজেপি সদায় যৌথ সংগ্রাম সমিতিৰ লগত একেলগে থাকিব৷ তেওঁ কয়– মাতৃভাষাত শিক্ষা হেৰাই যোৱা বাবেই জনগোষ্ঠীয় ভাষাবোৰ হেৰাই গৈছে৷ সেয়েহে চৰকাৰে প্রাথমিক পর্যায়ত মাতৃভাষাতে শিক্ষা গ্রহণৰ ব্যৱস্থা গ্রহণ কৰিব বুলিও তেওঁ কয়৷
কংগ্রেছক কটাক্ষ কৰি ড০ শর্মাই কয় যে কংগ্রেছে কেৱল লুঙী আৰু ধুতী বিলাবলৈহে শাসনলৈ আহিব বিচাৰে৷ মন্ত্রীগৰাকীৰ ভাষণৰ পূর্বে ৰাভা হাছঙৰ চীফ টংকেশ্বৰ ৰাভাই ভাষণ প্রসংগত ৰাইজক সম্বোধি কয় যে ৰাভা হাছঙক শক্তিশালী কৰিবলৈ গেৰাণ্টীযুক্ত সাংবিধানিক অধিকাৰৰ দাবীত দীর্ঘদিন আন্দোলন চলিছিল৷ এই অধিকাৰে ৰাভা জাতিৰ লগতে পৰিষদীয় এলেকাত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সুৰক্ষা দৃঢ় কৰিব৷ ৬ লাখ ৫০ হাজাৰ ৰাভা জনসংখ্যাৰে সমৃদ্ধ পৰিষদীয় এলেকাৰ ৰাণীৰ পৰা জয়ৰামকুছিলৈ ১৮টা জাতি–জনগোষ্ঠীৰ ৩৪টা সংগঠনে একলগ হৈ শান্তিৰ বাতাৱৰণ গঢ়ি তুলিছে৷ তেওঁ কয়– অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা কোনো ব্যক্তি বা সংগঠন ৰাভা হাছঙৰ হ’বই নোৱাৰে৷ বাৰ হাজাৰৰো অধিক জনতাই অংশগ্রহণ কৰা সভাৰ আঁত ধৰে নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভাই৷ গণ সমাৱেশৰ আদৰণী ভাষণ দিয়ে নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খান্দাই৷ ইপিনে আজি মন্ত্রী ড০ শর্মাই হেলিকপ্ঢাৰেৰে আহি দুধনৈ মহাবিদ্যালয়ত পদার্পণ কৰাৰ পাছত দুধনৈ মহাবিদ্যালয় পথেৰে পদযাত্রা কৰি গণ সমাৱেশস্থলীলৈ যোৱাৰ পথত কলেজীয়া ছাত্র–ছাত্রী সমন্বিতে হাজাৰ হাজাৰ লোকে ফুল ছটিয়াই মন্ত্রীগৰাকীক অভিবাদন জনায়৷