মহানগৰীত ৰেভপাৰ্টী! ড্ৰাগছৰ পাৰ্টী পাতি আৰক্ষীৰ জালত ১৭ যুৱক-যুৱতী
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ মুম্বাই, গোৱাৰ দৰে এইবাৰ গুৱাহাটী মহানগৰীতো নিশা ৰেভপাৰ্টী। জন্মদিন উদযাপনৰ নামত ক’ভিড প্ৰ’টকল ভংগ কৰি একাংশ যুৱক-যুৱতীয়ে সুৰা আৰু ড্ৰাগছৰ পাৰ্টী।
খাৰঘূলিৰ ৰিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ এজন লোকৰ ঘৰত উদ্দাম পাৰ্টী চলাই ৰঙাঘৰৰ আলহী হ’ল ১৭ গৰাকী যুৱক-যুৱতী।
অতি সম্ভান্ত্ৰ ঘৰৰ এই যুৱক-যুৱতীসকলৰ এই ৰেভপাৰ্টীক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপনৰ নামত এপাৰ্টমেণ্টটোত চলিছিল ৰেভপাৰ্টী।
ইফালে এই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “গুৱাহাটী মহানগৰীত যোৱাকালি কুকেইন সেৱন কৰি জন্মদিন উদযাপন কৰাৰ সময়তে আৰক্ষীয়ে বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে এই যুদ্ধখন চলি থাকিব। প্ৰতিদিনে ড্ৰাগছ আমি ধৰি আছো। অসমত এনে কাম নকৰিব, এনে কৰিলে কঠোৰ শাস্তিৰ সন্মূখীন হ’ব লাগিব।”