নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ পাঁচ শতাধিক শ্ৰমিকৰ বিক্ষোভত আজি উত্তাল হৈ পৰে চাংসাৰিৰ চিলা কটামূৰ অঞ্চল। প্ৰকৃততে মাষ্টাৰ বীয়েৰ নামৰ এটা কোম্পানীত ডেৰ দশক ধৰি কাম কৰি অহা এই পাঁচ শতাধিক শ্ৰমিকৰ লগতে তেওঁলোকৰ পৰিয়ালক শেহতীয়াকৈ এটা বিশেষ ৰাজনৈতিক চক্ৰই ভাতে মৰাৰ ষড়যন্ত্ৰ কৰাক লৈ এনে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰতিবাদ সাব্যস্ত কৰা শ্ৰমিকসকলে ষড়যন্ত্ৰকাৰীসকলক সকীয়নি দি কয় যে দৰকাৰ হ’লে তেজ দিম তথাপি ইয়াত উৎপাদন বন্ধ কৰি তেজপুৰলৈ স্থানান্তৰ হবলৈ নিদিওঁ। এইক্ষেত্ৰত শ্ৰমিকসকলে সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰি এখন স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা কৰে। উল্লেখ্য যে চাংসাৰিৰ চিলা-কটামূৰত ২০০৯ চনতে স্থাপন কৰা হৈছিল মাষ্টাৰ ইণ্ডিয়া বীয়েৰ লিমিটেড (Master India Brewing & United Breweis Ltd. Kingfisher) নামৰ ফেক্টৰীটো । তেতিয়াৰ পৰা এতিয়ালৈকে ১৫ বছৰ কাল বৃহত্তৰ অঞ্চলটোৰ স্থানীয় বহু যুৱক-যুৱতীয়ে ফেক্টৰীটোত কাম কৰি নিজকে কৰ্মসংস্থাপন লাভ কৰি তেওঁলোকৰ পৰিয়ালক পোহপাল দি আহিছে। কিন্তু ইয়াৰ মাজতে হঠাৎ কোম্পানীটোৰ লগত চুক্তিবদ্ধ থকা “কিংফিছাৰ” নামৰ বীয়েৰ উৎপাদন গোটটোৱে কোনো আগতীয়া জাননী নিদিয়াকৈ বন্ধ কৰি দিয়ে উংপাদন কাৰ্য। ১৬ নৱেম্বৰৰ পৰা কিংফিছাৰ উৎপাদনত ব্যৱহৃত সামগ্ৰী (ৰ’ মেটাৰেলছ) দিয়াটো গোটটোৱে বন্ধ কৰি ৰখাত চাংসাৰিৰ ফেক্টৰীটোৰ মেচিনসমূহ স্তব্ধ হৈ পৰে। ফলত ইয়াত কৰ্মৰত শ্ৰমিকসকলৰ পানীত হাঁহ নচৰা পৰিস্থিতি আহি পৰে। শ্ৰমিকসকলে ইয়াৰ আঁৰত ৰহস্যৰ গোন্ধ থকা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে মাষ্টাৰ ইণ্ডিয়া বীয়েৰ কোম্পানীটোৱে চৰকাৰী নীতি-নিয়ম অনুসৰি নিয়মিত ৰাজহ আদায় দি থকাৰ পিছতো কিয় প্ৰতিষ্ঠানটোত কিংফিছাৰ উৎপাদন বন্ধ ৰাখি তেজপুৰলৈ স্থানান্তৰিত কৰাৰ কু-অভিসন্ধি কৰা হ’ল সেয়া সঠিক তদন্ত হোৱা উচিত। এটা ৰাজনৈতিক লবীয়ে চাংসাৰিত ইয়াৰ উৎপাদন বন্ধ ৰাখি তেজপুৰলৈ নি মুনাফা আদায় কৰাৰ যি পৰিকল্পনা কৰিছে তাক বন্ধ ৰখাৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰকপত্ৰ যোগে অনুৰোধ জনায় শ্ৰমিকসকলে। তাৎপৰ্যৰ কথা এই যে মাষ্টাৰ বীয়েৰ কোম্পানীটোৰ পৰা বছৰত প্ৰায় ১০০ কোটি টকা ৰাজহ আদায় দি থকাৰ পিছতো প্ৰতিষ্ঠানটো বন্ধ কৰিবলৈ এটা পক্ষই তৎপৰ হোৱা বিষয়টোৱে স্বাভাৱিকতে ৰহস্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক অনুভৱ কুমাৰ