নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বস্তি : ধুবুৰীৰ কনিষ্টবল অৱনী চক্ৰৱৰ্তীয়ে লাভ কৰিলে ২০১৯ চনৰ ৰাষ্ট্ৰপতি বঁটা 

নিময়ীয়া বাৰ্তা, ৩১ মাৰ্চঃ ধুবুৰীৰ এগৰাকী আৰক্ষী কনিষ্টবল। ৮০ৰ দশকত যোগ দিছিল আৰক্ষীৰ চাকৰিত। বৰ্তমানে ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় কৰ্মৰত। অত্যন্ত আময়িক বুলি পৰিচিত তেওঁ। নিজৰ কাৰ্য্যালয়লৈ নিজৰ পুৰণি এখন চাইকেলে এখনেৰে তেওঁ সদায় অহা-যোৱা কৰে। ৰ’দ, বৰষুণ অথবা শীত – কেতিয়াও নিজৰ কৰ্তৱ্যথলীত উপস্থিত নথকাকৈ থকা নাই তেওঁ। সাধাৰণ এগৰাকী কনিষ্টবলৰ এই কৰ্তব্যপৰায়ণতাৰ এক উজ্জ্বল দৃষ্টান্ত ৰূপে ২০১৯ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল তেওঁ। অৱশ্যে ইমান দিনে আনুষ্ঠানিক ভাৱে বঁটা তেওঁৰ হাতত অৰ্পন কৰা হোৱা নাছিল। অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল তেওঁৰ আজি। ধুবুৰী আৰক্ষী ছাউনীত আয়োজিত এক বিশেষ অনুষ্ঠানত আজি অসম আৰক্ষীৰ আইজিপি দিলীপ কুমাৰ দে’ই অৱনী কুমাৰ চক্ৰৱৰ্তীৰ হাতত অৰ্পণ কৰে ২০১৯ চনত তেখেতে লাভ কৰা ৰাষ্ট্ৰপতি বঁটা। ধুবুৰী জিলাৰ আৰক্ষীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ৰ’জিৰাণী শৰ্মাকে ধৰি ধুবুৰী আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়াৰ উপস্থিতিত অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি থকাৰ অন্তত আজি ঈপ্সিত বঁটাটো লাভ কৰি আপ্লুত তেওঁ। পিছে ইয়াৰ মাজতেই তেখেতৰ হৃহয়ৰ এচুকত আছে এটি গোপন বেথা; দীৰ্ঘ বহু বছৰৰ পৰা ব্যৱহাৰ কৰি অহা নিজৰ জৰাজীৰ্ণ চাইকেলখনৰ ঠাইত এটি নতুন চৰকাৰী চাইকেল লাভ কৰাৰ। উল্লেখ্য যে, আৰক্ষী চাউনিত আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী বিষয়াৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় অসম আৰক্ষীৰ আই জি পি দিলীপ কুমাৰ দে’ই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like