নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়াৰ অলকাপুৰ ইণ্টাৰনেচনেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ মৰিগাঁও জিলাৰ বাৰপূজীয়া অলকাপুৰৰ এজন ছাত্ৰ নেতাই ব্যতিক্ৰমী প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীৰ বাবে দেখাই আহিছে এটি মহানুভৱতা৷ বিগত বৰ্ষবোৰত দেখা যায় যে হাইস্কুল বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰছাত্ৰী সকলক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জনাই আহিছে যদিও তৃতীয় বা দ্বিতীয় বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক এলাগী কৰি ৰখা হয়। কিন্তু এইক্ষেত্ৰত এটি ব্যতিক্ৰমী চিন্তাৰে বিগত চাৰি বছৰৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দ্বিতীয় বা তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰছাত্ৰী সকলক উৎসাহ দিয়াৰ উদ্দেশ্যে বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰি আহিছে৷ বিশেষকৈ ছাত্ৰনেতা পিংকু মহন্তই ইন্টাৰনেচনেল কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটি স্থাপন কৰি এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰছাত্ৰী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ভাৱে উৎসাহিত কৰি আহিছে৷ সেই উদ্দেশ্যে আজি বাৰপূজীয়াৰ অলকাপুৰ ইন্টাৰনেচনেল কম্পিউটা প্ৰশিক্ষণ কেন্দ্ৰত এখনি বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্তব্য আগবঢ়াই ক্ৰমে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথ, মৰিগাঁও শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ মূখ্য সহায়ক জিতেন ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক হৰমোহন কাকতি, মৰিগঁও শিক্ষক প্ৰশিক্ষন কেন্দ্ৰৰ জেষ্ঠ সহায়ক জ্যোৎস্না বসুমতাৰী, শিক্ষক ৰাহুল কুমাৰ নাথ আৰু শিক্ষক ৰাজেন দাসে৷ এই অনুষ্ঠানতে বাৰপূজীয়াৰ লগতে বিভিন্ন অঞ্চলৰ ৬৪গৰাকী বিভিন্ন বিভাগত উৰ্তীণ ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা জনোৱা হয় ৷

প্ৰেৰক মানস নাথ

You might also like