নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ চাইকেলেৰে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰাৰ বিশ্ব অভিলেখ ২০২৩ চনৰ ৩ জুনl দক্ষিণ কামৰূপৰ মিৰ্জাৰ দুই যুৱক দ্বীপজ্যোতি দাস আৰু সুমিত কলিতাই অৰ্জন কৰিবলৈ সক্ষম হয়। দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা ২০২৩ চনৰ ১৪ মে’ত চাইকেল চলোৱা আৰম্ভ কৰি ২০২৩ চনৰ ২৭ মে’ত অন্ধ্ৰপ্ৰদেশৰ ইচচাপুৰমত ১৩ দিন ১৬ ঘণ্টাৰ ভিতৰত ১৫৭২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বিশ্বব্যাপী অভিলেখ বুকত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। দুয়োজনেই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কৰ্মকৰ্তা তথা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ। ৰাজ্যত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা পৰিপেক্ষিতত ইন্ধনজাতীয় বাহনৰ পৰিৱৰ্তে পৰা পক্ষত চাইকেল চলোৱাৰ আহ্বান জনাই এই যাত্ৰাৰ আৰম্ভণি কৰিছিল। চাইকেল চলোৱাৰ ফলত ইন্ধনৰ ব্যৱহাৰ কম হোৱাৰ লগতে শৰীৰৰ বাবে উপকাৰ হয়। পেট্ৰল-ডিজেলৰ ব্যৱহাৰ হ্ৰাসে পৰিৱেশ সুস্থ হৈ থকাৰ লগতে টকাৰ খৰচো ৰাহি হোৱাৰ কথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে এই যাত্ৰা আৰম্ভ কৰে দুই যুৱক দ্বীপ আৰু সুমিতে
প্ৰেৰক ভগৱান দাস