দুৰ্গা মন্দিৰৰ সমীপত গো-মুণ্ড উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ধুবুৰীৰ খলিলপুৰ-আমবাগান অঞ্চলত উত্তেজনা। অঞ্চলটোৰ দুৰ্গা মন্দিৰ এটাৰ সমীপত গো-মুণ্ড পৰি থকা দেখে সেই অঞ্চলটোৰ একাংশ ৰাইজে।ঘটনাটোৰ তদন্ত কৰি মন্দিৰৰ সমীপত গো-মুণ্ড পেলোৱাৰ সৈতে জড়িত দোষীক কৰায়ত্ত কৰাৰ দাবীত ক্ষুব্ধ ৰাইজে অবৰোধ কৰে। অঞ্চলটোৰ গুৰুত্বপূর্ণ ৰাজপথৰ এচোৱা। ঘটনাস্থলীত প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ দোষীক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতিৰো দাবী জনাইছে অবৰোধকাৰীসকলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজহুৱা স্থানত গো-মাংস ভক্ষণ, বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰাৰ পিছে পিছে ধুবুৰীত সংঘটিত হোৱা এই ঘটনাৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ ৰাইজৰ। উল্লেখ্য যে, ঘটনাস্থলীত উপস্থিত হৈছে ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়টাকে ধৰি আৰক্ষীৰ দল। ইতিমধ্যে, আৰক্ষীৰ তৎপৰতাত দুৰ্গা মন্দিৰৰ সমীপত পৰি থকাগো-মুণ্ডটো আঁতৰোৱা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী