নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ৰেড বেল্ট-ৱান, কলাৰ বেল্টৰ প্ৰমোচন পৰীক্ষা

🔹 ১১গৰাকী খেলুৱৈক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : ওদালগুৰি জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত খৈৰাবাৰী টাইকোৱানডো একাডেমীত আজি অনুষ্ঠিত হয় ৰেড বেল্ট-ৱান আৰু কলাৰ বেল্টৰ প্ৰমোচন পৰীক্ষা । ৰাজ্যিক ভিত্তিত অনুষ্ঠিত ৰেড বেল্ট-ৱানৰ পৰীক্ষাত কামৰূপ মেট্ৰ’, কামৰূপ গ্ৰাম্য, গোৱালপাৰা, চিৰাং, বাক্সা, তামুলপুৰ, বঙাইগাঁও, দৰং, ওদালগুৰিকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাৰ ৪৫গৰাকী খেলুৱৈ অৱতীৰ্ণ হয় । ইপিনে, কলাৰ বেল্ট পৰীক্ষাত ওদালগুৰি জিলাৰ প্ৰায় এশগৰাকী খেলুৱৈ অৱতীৰ্ণ হয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী সাগৰ মণ্ডল, বিহুৰাম বড়ো, ৰিংছাৰ বসুমতাৰী, ময়ূখ বৰকাকতিয়ে পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে। ইয়াৰ পিছত বিয়লিৰ ভাগত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা । শিক্ষক কমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ঠাইত অনুষ্ঠিত ক্ৰীড়া সমাৰোহত পদক লাভ কৰা টাইকোৱানডো খেলুৱৈ ভিতালী শইকীয়া, সোণাৰু বড়ো, ঊষামণি ৰাভা, গৌৰৱজ্যোতি বৰা, প্ৰাচী চেত্ৰী, দলিচা চেত্ৰী, বাৰবী বড়ো, ময়ূৰাক্ষী বৰুৱা, সমীৰণ কছাৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ওদালগুৰি জিলা টাইকোৱানডো সন্থাই । ২৫ আগষ্টৰ পৰা ২৮ আগষ্টলৈ নতুন দিল্লীত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণৰ বাবে বাছনি হোৱা খেলুৱৈ নিশিগন্ধা আৰু ৰাজ কৰ্মকাৰকো সন্থাই সম্বৰ্ধনা জনায় । খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক দিলীপ কাকতিয়ে আঁত ধৰা সভাখনত মহকুমা আৰক্ষী বিষয়া (ভেৰগাঁও) দুৰ্গা কিংকৰ শৰ্মা, ভেৰগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক লক্ষীৰাম বড়ো, সদৌ অসম টাইকোৱানডো এছ’চিয়েচনৰ কাৰ্যনিৰ্বাহক সদস্য দ্বীপেন ঠাকুৰীয়াই ভাষণ প্ৰদান কৰি ক্ৰীড়াৰ ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ উঠি অহা যুৱক-যুৱতীসকলক উৎসাহ যোগায় । সভাত ৰাজ্যখনৰ ভালেসংখ্যক ক্ৰীড়া সংগঠক, প্ৰশিক্ষক, ৰেফাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like