নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ কৃষি বিভাগৰ সহযোগত বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ছগুৰি চাপৰিত ৩,০০০ বিঘা মাটিত বৃহংগম কৃষক উৎপাদক কোম্পানীৰ ১,০০০ৰো অধিক যুৱ কৃষকে কৰা ৰঙালাউৰ খেতিডৰা আজি পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই। এই খেতি কৰিবলৈ কৃষি বিভাগৰ তৰফৰপৰা উচ্চ উৎপাদনক্ষম অৰ্জুন এফ-১, ই ডব্লিউ-১৩৭ নামৰ উন্নত প্ৰজাতিৰ ৰঙালাউৰ বীজৰ লগতে প্ৰয়োজনীয় কৃষি সঁজুলিও প্ৰদান কৰা হৈছিল। আজি খেতিডৰাত উপস্থিত হৈ কৃষকসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে বিগত বছৰটোত কৃষক উৎপাদক কোম্পানীটোৱে ৰঙালাউ বিক্ৰী কৰি প্ৰায় ২ কোটি টকা উপাৰ্জন কৰিছিল। এই বছৰ তেওঁলোকে ৬ কোটি মূল্যৰ ৰঙালাউ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে। সেয়ে মন্ত্ৰী বৰাই আজি উপস্থিত হৈ খেতিয়কসকলৰ এই প্ৰয়াসৰ সফলতা কামনাৰে কৃষক উৎপাদক কোম্পানীটোৰ প্ৰতিগৰাকী পৰিশ্ৰমী কৃষকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী কৃষি আঁচনিসমূহ আৰু ফলপ্ৰসূ নীতিৰ বাবেই অসমৰ কৃষি খণ্ডই সম্প্ৰতি উৎপাদনশীলতা আৰু কৃষকৰ সবলীকৰণৰ ক্ষেত্ৰত এক নতুন যুগৰ সাক্ষী হৈছে।