নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিবলৈ অসন্মত SC

বিশেষ বাৰ্তা, ২৪ জুলাইঃ অসমত চলি থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিবলৈ অসন্মত হয়। পিছে নিৰ্বাচন আয়োগ পৰিচালিত সমগ্ৰ প্ৰক্ৰিয়াটোৰ সাংবিধানিক বৈধতা চালি জাৰি চাবলৈ মুখ্য় ন্য়ায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে সমগ্ৰ প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ হকে সন্মতি প্ৰদান কৰে। উল্লেখ্য যে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ পাছত শেহতীয়াকৈ ৰাজ্যৰ বিৰোধী দলসমূহে নিৰ্বাচন আয়োগে চলাই থকা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত গ্ৰহণ কৰা আজিৰ শুনানিত আবেদনকাৰীসকলৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে মূলত ২০০৮ চনত সংশোধীত ১৯৫০ চনৰ জনপ্ৰতিনিধি আইনৰ ৮ক ধাৰাটোক প্ৰত্যাহ্বান জনায়। যত ভাৰত চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণ কৰ্তৃত্ব নিৰ্বাচন আয়োগক অৰ্পন কৰিছিল। লগতে জনসংখ্যাৰ ঘনত্বৰ আধাৰত আয়োগে যিদৰে ৰাজ্যৰ জিলাসমূহৰ শ্ৰেণী বিভাজন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে তাকো প্ৰত্যাহ্বান জনায়। পিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চিব্বালৰ যুক্তি খণ্ডন কৰি কয় যে ১৫ বছৰ আগত এখন সংশোধীত আইন অনুসৰি নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰস্তুত কৰি উলিয়াইছে। সেয়েহে এই মুহূৰ্তত প্ৰক্ৰিয়াটোত বাধা সৃষ্টি কৰাটো উচিত নহব। পিছে সমগ্ৰ প্ৰক্ৰিয়াটোত থকা সাংবিধানিক প্ৰত্যাহ্বানক মান্যতা প্ৰদান কৰি মুখ্য ন্যায়াধীশে বিষয়টো সংৰক্ষিত ৰাখি কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰে। ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অহা তিনি সপ্তাহৰ ভিতৰত সংশ্লিষ্ট সকলো পক্ষক শপতনামাযোগে উত্তৰ প্ৰদান কৰিব লাগিব। ইয়াৰ পিছত কেন্দ্ৰ, ৰাজ্য আৰু আয়োগে দাখিল কৰা শপতনামাৰ বিৰুদ্ধে আবেদনকাৰীসকলে দুই সপ্তাহৰ ভিতৰত প্ৰতি শপতনামা দাখিল কৰিব পাৰিব। মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে ন্যায়লায়ে নিৰ্বাচন আয়োগে চলাই থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত কোনো ধৰণৰ বাধা নিষেধ আৰোপ নকৰে। পিছে প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনোৱা বিষয়সমূহও যে পৰীক্ষা কৰিবগীয়া বিষয় সেই কথাও তেওঁ দোহৰাই দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে বিচাৰপীঠৰ সমুখত অনুৰোধ জনায় যে যিহেতু নিৰ্বাচন আয়োগে খৰতকীয়াকৈ সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে সেয়েহে ন্যায়ালয়ে যাতে অনতিবিলম্বে পৰবৰ্তি শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশে চিব্বালৰ অনুৰোধক সঁহাৰি জনাই দিল্লী চৰকাৰে কেন্দ্ৰই জাৰি কৰা অধ্যাদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ সাংবিধানিক বিচাৰপীঠৰ শুনানি সমাপ্ত হোৱা মাত্ৰই ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ পৰবৰ্তী শুনানি গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। শুনানিৰ পাছত উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা মতে, ৮ ছেপ্টেম্বৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰবৰ্তী শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে। ইপিনে শুনানিকালত উপস্থিত থকা অসম জাতীয় পৰিষদ তথা বিৰোধী দলসমূহৰ সন্মিলিত মঞ্চৰ অন্যতম নেতা লুৰীণজ্যোতি গগৈয়ে কয় যে আমি উত্থাপন কৰা বিষয়সমূহ উচ্চতম ন্যায়ালয়ে চালিজাৰি চাবলৈ সন্মতি ব্যক্ত কৰিছে। তাৰ বাবেই সংশ্লিষ্ট সকলো পক্ষলৈ জাননী জাৰি কৰিছে। নিৰ্বাচন আয়োগে যে অবৈধভাবে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চলাই আছে সেয়া পৰবৰ্তী সময়ত ন্যায়ালয়ৰ মাজতেই স্পষ্ট হৈ পৰিব। পিছে নিৰ্বাচন আয়োগে ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে ন্যায়ালয়ে তাত স্থগিতাদেশ জাৰি কৰিবলৈ সন্মিত হোৱা নাই যদিও আমি ন্যায়ালয়ৰ নিৰ্দেশনাক সঁহাৰি জনাইছো তথা অতি সোনকালে পৰবৰ্তী শুনানী কামনা কৰিছো। আনহাতে আবেদনকাৰী হিচাপে অসম জাতীয় পৰিষদক প্ৰতিনিধিত্ব কৰা অধিবক্তা মনীষ গোস্বামীয়ে কয় যে এয়া সঁচা যে আজিৰ শুনানিৰ পাছত নিৰ্বাচন আয়োগে যদি বিচাৰে তেওঁলোক সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব পাৰিব। পিছে নিৰ্বাচন আয়োগো হৈছে এখন সাংবিধানিৰ প্ৰতিষ্ঠান। তেওঁলোকেও জানে যে সমগ্ৰ বিষয়টো এতিয়া বিচাৰাধীন (চাব জুডিছ) হৈ আছে তথা প্ৰক্ৰিয়াটো কিমান বৈধ। তেনে স্থলত ন্যায়ালয়ৰ চূড়ান্ত নিৰ্দেশনা নহালৈকে আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ নকৰিবও পাৰে বুলি গোস্বামীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like