আফ্ৰিকান ছোৱাইন ফিভাৰ: ৰাণীস্থিত RILEM ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে
নিয়মীয়া বাৰ্তা, ৩ মেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী অতুল বৰাৰ সৈতে কামৰূপ জিলাৰ ৰাণীস্থিত “আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান” (RILEM)ত উপস্থিত হৈ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা কৰে।
মুখ্যমন্ত্ৰীয়ে বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে “আফ্ৰিকান ছোৱাইন ফিভাৰ” প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ গ্ৰহণ কৰে।
লগতে “গাহৰি গৱেষণা কেন্দ্ৰ”ৰ লগত সন্মিলিতভাৱে কাম কৰিবলৈ আৰু গাহৰিবোৰক ৰক্ষা কৰাৰ বাবে নিৰ্দিষ্ট ৰ’ডমেপ প্ৰস্তুত কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু বন বিভাগৰ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
একেটা চৌহদতে মুখ্যমন্ত্ৰীয়ে Nucleus Pig Breeding Unit আৰু দুগ্ধ উৎপাদন গোট পৰিদর্শন কৰে।
Officials of Animal Husbandry, Veterinary & Forest Depts were directed to collaborate with Pig Research Centre (ICAR) & prepare a roadmap to protect the pig population of the state from disease outbreaks.
The CM also inspected Nucleus Pig Breeding & Dairy Units present there. pic.twitter.com/xQ1yWb3Roy
— Chief Minister Assam (@CMOfficeAssam) May 4, 2020