নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঞ্চলিক দলৰে মিত্রতাক লৈ চলিছে আলোচনা

অজাপৰ সভাপতি লুৰিণজ্যোতিৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনক কেন্দ্র কৰি শিবিৰে শিবিৰে অব্যাহত আছে মিত্রতাৰ অংক৷ নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহৰ মাজতো ইতিমধ্যে মিত্রতাকেন্দ্রিক আলোচনা আৰম্ভ হৈছে৷ এইক্ষেত্রত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ চূড়ান্ত মিত্রতাৰ ইংগিত দি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে তেওঁলোকৰ দলে সকলো আঞ্চলিক ৰাজনৈতিক শক্তিক একত্রিত কৰি আগবাঢ়ি যাব৷ আঞ্চলিক দলসমূহৰ লগত মিত্রতা সম্পর্কীয় আলোচনা অব্যাহত আছে৷ শীঘ্রে ভাল খবৰ অহাৰ সম্ভাৱনা আছে৷ আনহাতে, নির্বাচনী ফলাফল সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তেওঁ কয় যে অসম জাতীয় পৰিষদে কিমান আসন পাব, সেয়া নির্ধাৰণ কৰিব অসমৰ জনগণে৷ এশ–ডেৰশ আসন পাব বুলি অহংকাৰীয়েহে ক’ব পাৰে৷ বিজেপিয়ে অসমৰ জনসাধাৰণক বিশ্বাসঘাতক–প্রতাৰ্ কৰাৰ পাছত অসমৰ ৰাইজ এক বিকল্পহীনতাত ভুগিছিল৷ পঞ্চায়ত নির্বাচন বা বিগত নির্বাচনসমূহত অসমৰ ভোটাৰে বিকল্প বিচাৰি পোৱা নাছিল৷

এতিয়া অসমত এখন জাতীয়তাবাদী চৰকাৰ প্রতিষ্ঠাৰ ক্ষেত্রত আঞ্চলিক শক্তিসমূহ কেনেদৰে আগবাঢ়িব, সেয়া নির্ধাৰণ কৰিব অসমৰ জনসাধাৰণে৷ আঞ্চলিক শক্তিৰ পথ দেখুৱাই দিয়াৰ দায়িত্ব অসমৰ জনতাৰ৷ ৰাষ্ট্রীয় দলৰ সৈতে মিত্রতাৰ সম্ভাৱনা নস্যাৎ কৰি লুৰিণজ্যোতি গগৈয়ে পুনৰ কয় যে ৰাষ্ট্রীয়তাবাদী আৰু সাম্প্রদায়িক শক্তিৰ লগত অসম জাতীয় পৰিষদে কেতিয়াও মিত্রতা নকৰে৷ ৰাষ্ট্রীয়তাবাদী শক্তিৰ সৈতে বুজাবুজি থকা দলৰ সৈতে মিত্রতা কোনো পৰিস্থিতিতে সম্ভৱ নহয়৷ উল্লেখ্য যে আজি অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থিত মুখ্য কার্যালয়ত এক যোগদান কার্যসূচী সম্পন্ন হয়৷ এই কার্যসূচীতে দলটোত যোগদান কৰে জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ চৌধুৰী, অৱসৰপ্রাপ্ত আমোলা বিদ্যা পাটৰ, অগপ নেত্রী মীনা শইকীয়া, হাইলাকান্দি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ আলী হাইদৰ লস্কৰকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তি আৰু কেইবাখনো মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে৷

You might also like