নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ফুটবল জগতত নতুন খলকনি শিৱসাগৰৰ ৰেহান আহমেদৰ

🔹 ফিফাৰ ১৭ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ভাৰতৰ বিশজনীয়া দলত স্থান লাভ 

নিয়মীয়া বাৰ্তা, ২২ জুলাই : ফুটবল প্ৰশিক্ষক অনিল আচাৰ্যীৰ তত্ত্বাৱধানত মাত্ৰ চাৰি বছৰ বয়সতে সেউজীয়া ঘাঁহনিত আন এজাক শিশুৰ সৈতে বলৰ পিছে পিছে দৌৰি ফুৰা এটা শিশু৷ শিৱসাগৰৰ শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ তত্ত্বাৱধানত মাত্ৰ চাৰি বছৰ বয়সতে ফুটবলৰ অ আ ক খ শিকিবলৈ যত্ন কৰা এটি অতি চঞ্চল মনৰ শিশুৱে এতিয়া দেশৰ ফুটবল বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ সুদীৰ্ঘ দহটা বছৰ নিৰন্তৰ প্ৰশিক্ষণৰ অন্তত দুখনকৈ আগশাৰীৰ প্ৰতিযোগিতাত ১৯টাকৈ গ’ল কৰি ফিফাৰ ১৭ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা বিশজনীয়া ভাৰতীয় দলত নিজৰ নাম লিখিবলৈ সক্ষম হোৱা কিশোৰ খেলুৱৈগৰাকীৰ নাম হ’ল ৰেহান আহমেদ ৷ বয়স মাত্ৰ ১৪ বছৰ ৷ শিৱসাগৰ চহৰৰ একেবাৰে গাতে লাগি থকা ঐতিহাসিক মেটেকা আমগুৰি গাঁৱৰ তিনি নং জিজিএছ পথ নিৱাসী চিৰাজ উদ্দিন আহমেদ ওৰফে বিতু আৰু আৰিফা বেগমৰ পুত্ৰ ৰেহান ৷ খেলপথাৰত যিকোনো পৰিস্থিতিতেই বাইচাইকেল কিকেৰে বিপক্ষৰ বাবে আতংকৰ কাৰণ হৈ পৰা ৰেহান আহমেদৰ দুভৰিৰ ছন্দময় যাদুৰ বাবেই ভুবনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণৰ ১৭ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ফুটবলৰ দলটোত নিৰ্বাচিত হোৱাত সমগ্ৰ শিৱসাগৰ জিলাখনতেই আনন্দৰ জোৱাৰ উঠিছে ৷ উল্লেখ্য যে ফিফাৰ ১৭ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ফুটবলৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা ১৪ বছৰীয়া ৰেহান আহমেদ অসমৰ প্ৰথমগৰাকী কিশোৰ ফুটবলাৰ হিচাপে পৰিগণিত হৈছে ৷ অহা ২৯ জুলাইত ভুবনেশ্বৰৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিবলগীয়া ৰেহানে নিজৰ ফুটবল-যাদুৰ বাবেই বিগত কিছুদিন গোলাঘাট ছাইৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ লগতে শিৱসাগৰৰ শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক নিত্যানন্দ ফুকন নেতৃত্বাধীন এদল প্ৰশিক্ষকৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল ৷ শিৱসাগৰৰ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণেৰে ৰাষ্ট্ৰীয় মানৰ খেলুৱৈ হিচাপে সৃষ্টি কৰাৰ উদ্দেশ্যে গঠন কৰা শিৱসাগৰৰ শিশু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠা কালৰ শিশুটোৱেই বৰ্তমান সময়ৰ দেশৰ ফুটবল জগতত নতুন খলকনিৰ সৃষ্টি কৰা ৰেহান আহমেদ ৷ স্মৰ্তব্য যে ধাৰাবাহিক স্ক’ৰিং আৰু যিকোনো পৰিস্থিতিতেই অদমনীয় ৰূপত বাইচাইকেল কিকেৰে প্ৰতিপক্ষক ধৰাশায়ী কৰা ৰেহান আহমেদৰ দুভৰিৰ যাদুৰ ভাইৰেল ভিডিঅ’সমূহ বিশ্বৰ প্ৰসিদ্ধ ফুটবল প্ৰশিক্ষকসকলেও পৰ্যবেক্ষণ কৰাৰ লগতে দেশৰ আগশাৰীৰ ফুটবল প্ৰশিক্ষকেও বিভিন্ন সময়ত মন্তব্য কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like