ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানিক হত্যাৰ ভাবুকি
বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ দেশৰ বৃহৎ উদ্যোগপতি তথা ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানিয়ে লাভ কৰিছে ভাবুকি। আম্বানিয়ে তেওঁৰ অফিচিয়েল ইমেইল আইডিত ভাবুকি লাভ কৰিছে। তেওঁৰ পৰা ২০ কোটি টকাৰ দাবী উত্থাপন হৈছে। এই মেইল ২৭ অক্টোবৰত প্ৰেৰণ কৰা হৈছিল। মুকেশ আম্বানিৰ নিৰাপত্তাৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই মুম্বাইৰ গাওদেৱী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। তদন্ত চলি আছে কোনে এই ভাবুকি দিছে? ভাবুকি দিয়া ইমেইলটোত লিখা আছিল যে “আপুনি যদি আমাক ২০ কোটি টকা নিদিয়ে তেন্তে আমি আপোনাক মাৰি পেলাম, আমাৰ ওচৰত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে।” এই ইমেইল পোৱাৰ পিছত মুকেশ আম্বানিৰ নিৰাপত্তাৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আই পি চিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেক্স