নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত ৰেমালৰ তাণ্ডৱ : ঘাইপথৰ কাষৰ গছ বাগৰি বাহন ক্ষতিগ্ৰস্ত

বিশেষ বাৰ্তা, ২৮ মেঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া সতৰ্কবাণীৰ ফলাফল সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দেখিবলৈ পোৱা গ’ল। বংগোপ সাগৰসৃষ্ট ঘূৰ্ণিবতাহ ৰেমালে উত্তৰ পূৰ্বাঞ্চলৰ মুলতঃ অসমত ব্যাপক প্ৰভাৱ পেলায়। যোৱা নিশাৰ পৰাই আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণ আৰু পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বৃহত্তৰ বোকাখাত অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে। আজি পুৱাৰ ভাগতে বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাঞ্জাৱ নেচনেল বেঙ্কৰ সমুখৰ এজোপা বৰ গছৰ এটা প্ৰকাণ্ড ডাল ভাঙি যোৱাৰ ফলত বিদ্যুত পৰিবাহী তাঁৰ খুটা সহ বাগৰি পৰে আৰু ঘাইপথ অৱৰোধ হৈ উজনি নামনিৰ যাতায়ত ঘণ্টা জুৰি ব্যাহত হয়। আনহাতে বোকাখাতৰ সাপজুৰী বৰজুৰীত ধুমুহা বৰষুণৰ ফলত ঘাইপথৰ কাষৰ গছ উভালি পৰি এখন বেলেন’ বাহন, এখন ট্ৰাক আৰু এখন ইন্ধন পৰিবাহী টেংকাৰ ক্ষতিগ্ৰস্ত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত প্ৰশাসনে টেংকাৰ খনৰ ওপৰৰ গছ আতৰাই বিপদমূক্ত কৰে। বোকাখাতৰ ডিফলুপথৰ ইন্দিৰা গান্ধী শিশু উদ্যানৰ সমুখত এখন এল্ট’ গাড়ীৰ ওপৰতো গছ বাগৰি পৰে। বোকাখাত নগৰৰ প্ৰায়বোৰ উপ পথত গছ বাগৰি যাতায়ত ব্যাহত হোৱাৰ লগতে বিজুলী পৰিবাহী তাঁৰ আৰু খুটা ভাঙি যায়। বৰষুণৰ বাবে আজি বোকাখাতৰ৪ নং ৱাৰ্ডৰ বহু পৰিয়ালৰ ঘৰৰ ভিতৰত এফুট পৰ্যন্ত পানী সোমাই পৰে। বহু উপ পথ পানীত বুৰ যায়। ৰজাবাৰীৰ পৰা কুৰুৱাবাহী পথৰ ওপৰতো গছবাগৰি পৰাৰ খবৰ আহিছে। বোকাখাতৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত পানী সোমাই যোৱা পৰিলক্ষিত হয়। পৰিকল্পিত ভাবে নিৰ্মাণ নোহোৱা আৰু দীৰ্ঘ দিন পৰিষ্কাৰ নোহোৱাকৈ থকা পানী নিৰ্গত নলাৰ বাবে জীয়াতু ভুগিব লগা হৈছে চহৰৰ বাসিন্দা আৰু ব্যৱসায়ী সকলে। সন্ধিয়ালৈকে বিদ্যুত ব্যাহত হৈ থকা বোকাখাত নগৰৰ প্ৰায়বোৰ দোকান বজাৰ আজি বন্ধ হৈ পৰে। অতি কম সংখ্যক অস্থায়ী আৰু ঠিকাভিত্তিত কৰ্মীৰে চলি থকা বোকাখাতৰ বিদ্যুত বিভাগে কেতিয়াকৈ পুনৰ বিদ্যুত যোগান ধৰিব সেয়া সময়তহে দেখা পোৱা যাব বুলি স্থানীয় লোকৰ ভাষ্যত প্ৰকাশ পাইছে।
প্ৰেৰক অমৰ শৰ্মা
You might also like