নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ দুৰ্গম চৰাঞ্চলত জুৱাৰী চক্ৰৰ তৎপৰতা

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : শীত অহাৰ লগে লগে ধুবুৰী চহৰৰ কাষেৰে বৈ যোৱা বৰলুইতৰ জলস্তৰ বৰ্তমানে হ্ৰাস পাবলৈ লৈছে। ফলত সৃষ্টি হ’বলৈ লৈছে বহু নিৰ্জন বালিৰ চাপৰি। তাৰেই সুযোগ গ্ৰহণ কৰি একাংশ সমাজবিৰোধী চক্ৰই দুৰ্গম, জনসমাগমবিহীন সেই বালিৰ চাপৰি একাংশত জুৱা খেলৰ আড্ডা আৰম্ভ কৰা বুলি স্থানীয় একাংশ মহলত ব্যাপক চৰ্চা আৰম্ভ হোৱা পোৱা গৈছে। আনকি চহৰখনৰ ধুবুৰী সদৰ থানা এলেকাৰ অন্তৰ্গত ভাষাণীৰচৰ অঞ্চলৰ বৰলুইতত আৰম্ভ হোৱা নাওখেল প্ৰতিযোগিতা এখনৰ সুযোগ লৈ এটা চক্ৰই অঞ্চলটোৰ পৰা বহু ভিতৰৰ এটা দুৰ্গম চাপৰিত জুৱাৰ আড্ডা আৰম্ভ কৰা বুলিও বু বু-বা বা আৰম্ভ হোৱা পোৱা গৈছে। এই ক্ষেত্ৰত ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মত পোষণ কৰিছে বহুতে।

You might also like