নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলিটেকনিকৰ অপসাৰিত প্রবক্তাই ঘূৰাই নাপাব চাকৰি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ পলিটেকনিকৰ ১৪৭গৰাকী অংশকালীন প্রবক্তাক শেহতীয়াকৈ শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতে বিধানসভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ স্পষ্ট মন্তব্য– পলিটেকনিকৰ অংশকালীন প্রবক্তাই চাকৰি ঘূৰাই নাপায়৷ অংশকালীন পদ বাতিল কৰি নিয়মীয়া পদৰ জৰিয়তে পুনৰ নিযুক্তি দিয়া হ’ব৷ কিন্তু ইয়াৰ বাবে নিযুক্তি পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব প্রবক্তাসকল৷ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম ৫৫ৰ অধীনত অংশকালীন শিক্ষকক অব্যাহতিৰ বিষয়টো সন্দর্ভত আজি বিবৃতি প্রদান কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে প্রকাশ কৰা অনুসৰি উচ্চশিক্ষা বিভাগৰ অধীনত নতুনকৈ স্থাপন কৰা ১১খন পলিটেকনিক আৰু এখন অভিযান্ত্রিক মহাবিদ্যালয়ত ২০১৬ চনত অংশকালীন সহকাৰী অধ্যাপক আৰু প্রবক্তা নিয়োগ কৰা হৈছিল৷

গুৱাহাটী-ডিব্রুগড়-শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান-পোহাৰ

পৰৱর্তী সময়ত লোকসেৱা আয়োগৰ জৰিয়তে পলিটেকনিকসমূহত স্থায়ী ভিত্তিত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ কিন্তু সেইসময়ত পলিটেকনিকসমূহৰ অংশকালীন প্রবক্তাসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰাত নিযুক্তি প্রক্রিয়া স্থবিৰ হৈ পৰে৷ ন্যায়ালয়ে অন্তর্ৱর্তীকালীন আদেশযোগে অংশকালীন প্রবক্তাসকলৰ চাকৰিৰ ক্ষেত্রত আদালতৰ প্রয়োজনীয় অনুমতি নোলোৱাকৈ তেওঁলোকক চাকৰিৰ পৰা আঁতৰাই পঠিয়াবলৈ বাধা প্রদান কৰে৷ পৰৱর্তীকালত ন্যায়ালয়ে লোকসেৱা আয়োগৰ দ্বাৰা প্রকাশিত পলিটেকনিকৰ বাবে নির্ধাৰিত বিজ্ঞাপন খাৰিজ কৰি উক্ত পদসমূহ পূৰণৰ ক্ষেত্রত যথাবিহিত ব্যৱস্থা গ্রহণ কৰিবৰ বাবে বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ সেই অনুসৰি ২০২৩ চনৰ ফেব্রুৱাৰী মাহত অসম অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকত খালী থকা ১০৭টা সহকাৰী অধ্যাপক আৰু ১৩৭টা প্রবক্তা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰে শিক্ষা বিভাগে৷ কিন্তু অংশকালীন ভিত্তিত কাম কৰি থকা শিক্ষকসকলে পুনৰ ন্যায়ালয়ত আবেদন দাখিল কৰাত এই প্রক্রিয়াটো স্থবিৰ হৈ পৰে৷ ন্যায়ালয়ে অংশকালীন প্রবক্তাসকলৰ বাবে ‘ডু নট ডিষ্টার্ব’ জাৰি কৰি তেওঁলোকক উক্ত পদত ৰখাৰ বাবে নির্দেশ দিয়ে৷ এনেদৰে বিষয়টো ন্যায়ালয়ত ওলমি থকাৰ পিছত নিযুক্তি প্রক্রিয়া স্থবিৰ হৈ পৰে৷ অৱশ্যে শিক্ষা বিভাগে ন্যায়ালয়ত দাখিল কৰা কেইবাখনো আবেদনৰ পাছত অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত নিয়মীয়া নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিবলৈ সক্ষম হয়৷ সমান্তৰালভাৱে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে একাংশ প্রবক্তাৰ হৈ যি ডু নট ডিষ্টার্ব টেগ লগাই থৈছিল সেয়াও প্রত্যাহাৰ কৰে৷ যাৰ বাবে ৭৩গৰাকী অংশকালীন প্রবক্তাক অব্যাহতি দিয়া হৈছে আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তি প্রক্রিয়া আৰম্ভ হৈছে৷ নিয়মীয়া নিযুক্তিৰ বাবে পৰীক্ষাও আৰম্ভ হৈছে৷ গতিকে অংশকালীন প্রবক্তাসকলে এই পৰীক্ষাত অৱতীর্ণ হৈ উত্তীর্ণ হোৱাৰ পাছত নিয়মীয়া নিযুক্তি লাভ কৰিব৷ এইক্ষেত্রত চৰকাৰে তেওঁলোকৰ বয়সৰ ঊর্ধ্বসীমাৰ বিষয়টোও বিবেচনা কৰিব৷ উল্লেখ্য যে চাকৰিৰ পৰা হঠাৎ অব্যাহতি দিয়া পলিটেকনিকৰ প্রবক্তাসকলে শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিছে৷ যোৱা দুদিন ধৰি চচলত তেওঁলোকৰ পুনৰ নিযুক্তিৰ দাবীৰে অৱস্থান ধর্মঘট কার্যসূচীও ৰূপায়ণ কৰি আহিছে৷ এনে সময়তে বিধানসভাত আজি শিক্ষামন্ত্রীগৰাকীয়ে অপসাৰিত অংশকালীন প্রবক্তাসকলক পুনৰ নিযুক্তি দিয়া নহ’ব বুলি কৰা ঘোষণাই স্বাভাৱিকতে বিষয়টোক লৈ যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

📌 ‘ভাইৰেল অডিঅ’ টেপৰ কণ্ঠ মোৰ নহয়, মোৰ লগত ষড়যন্ত্ৰ হৈছে।’ 📌 ‘মই হৰ্ষৰ নামটো জানো, কিন্তু ব্যক্তিগতভাৱে চিনি নাপাওঁ।’ 📌হেভী এমাউণ্ট দাবীৰ ভাইৰেল অডিঅ’ টেপক লৈ প্ৰতিক্ৰিয়া সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।

You might also like