নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষাত সাফল্যঃ সাংবাদিকৰ সন্তানক আর্থিক উদগনিৰ চিন্তা চর্চা চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ  মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীর্ণ হোৱা সাংবাদিকৰ সন্তানসকলক আর্থিক উদগনি প্রদানৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ বুধবাৰে সদনত এই কথা প্রকাশ কৰিছে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ সদনত মন্ত্রী হাজৰিকাই কয় যে ছেবা অথবা চি বি এছ ই যি মাধ্যমৰেই নহওক কিয়, ৭৫ শতাংশ নম্বৰ লাভ কৰি মেট্রিক উত্তীর্ণসকলক ৩০ হাজাৰ টকা আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণসকলক ৫০ হাজাৰ টকা আর্থিক উদগনি দিয়াৰ বিষয়ে বর্তমানৰ চৰকাৰে চিন্তা–চর্চা কৰি আছে৷ সেইদৰে পূর্বৰ চৰকাৰে প্রৱর্তন কৰা সাংবাদিক পেন্সনৰ পৰিমাণ বর্তমানৰ চৰকাৰে মাহে ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে৷

সদনত তেওঁ আৰু কয় যে এক্রিডিয়েটেড সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক মেডিকেল ৰি–ইম্বার্চমেণ্ট দিয়াৰ ব্যৱস্থা আছে৷ পূর্বতে নিয়মিত ৰূপত ৰি–ইম্বার্চমেণ্টৰ বৈঠক অনুষ্ঠিত নোহোৱা বাবে সময় মতে সেই সুবিধা সাংবাদিকসকলে লাভ কৰা নাছিল৷ এতিয়াৰে পৰা প্রত্যেক মাহৰ ১০ তাৰিখে সেই বৈঠক অনুষ্ঠিত হ’ব আৰু সেই দিনাই তেনে প্রস্তাৱত অনুমোদন জনোৱা হ’ব৷ সদনত তেওঁ আৰু কয় যে সাংবাদিকসকলক ইতিমধ্যে অটল অমৃত অভিযানত সামৰি লোৱা হৈছে৷ চৰকাৰে সম্প্রতি সাংবাদিকসকলক বীমা আঁচনিৰ জৰিয়তেও সামৰি লোৱাৰ চিন্তা–চর্চা কৰি আছে৷ আনহাতে, এইবাৰ বাজেটত বাতৰিকাকতৰ বিজ্ঞাপন শিতানতো বাজেট বৃদ্ধিৰ চেষ্টা কৰা হৈছে বুলি প্রকাশ কৰে৷

You might also like