নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডত দিল্লীৰ ৰাজপথত উজলি উঠিব অসমৰ চাহ বাগিচা৷ এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্রতীকপটৰ বিষয় হৈছে চাহ বাগিচা৷ ইতিমধ্যে ইয়াৰ বাবে সংশ্লিষ্ট কেন্দ্রীয় মন্ত্রালয়ৰ পৰা লাভ কৰিছে অনুমোদন৷ প্রাপ্ত তথ্য অনুসৰি এই প্রতীকপটত চাহ বাগিচাসমূহৰ দৈনিক কাম–কাজ, উৎপাদন পদ্ধতিৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতিও প্রদর্শন কৰা হ’ব৷ ইতিমধ্যে এই প্রতীকপট নির্মাণৰ বাবে ইমেজ ক্রিয়েচন নামৰ এটা সংস্থাক দায়িত্ব অর্পণ কৰিছে সাংস্কৃতিক পৰিক্রমা বিভাগে৷ আনহাতে, প্রতীকপটত সন্নিৱিষ্ট হ’বলগীয়া সাংস্কৃতিক কার্যসূচীৰ পৰিকল্পনা আৰু পৰিচালনাৰ বাবে দায়িত্ব অর্পণ কৰা হৈছে বিশিষ্ট শিল্পী ৰঞ্জিত গগৈক৷ জানিব পৰা মতে, এই প্রতীকপটত চাৰিৰ পৰা পাঁচগৰাকী চাহ জনগোষ্ঠীৰ পুৰুষ–মহিলাই চাহ বাগিচাত চাহপাত তোলাৰ দৃশ্য প্রদর্শন কৰিব৷
অৱশ্যে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি এইবাৰ কেন্দ্রীয় চৰকাৰে প্রতীকপটৰ ক্ষেত্রত বিভিন্ন নীতি–নিয়ম বান্ধি দিছে৷ সেই অনুসৰি পেৰেডত প্রতীকপটৰ সৈতে অংশগ্রহণ কৰিবলগীয়া লোকৰ সংখ্যা হ্রাস কৰা হৈছে৷ তদুপৰি এই প্রতীকপটত চাহ বাগিচাৰ দৃশ্য প্রদর্শন কৰাৰ লগতে সমর্থনকাৰী সদস্য হিচাপে অংশগ্রহণ কৰিব লগা লোকসকলে সম্পন্ন কৰিব লাগিব ক’ভিড পৰীক্ষা৷ ক’ভিড নিগেটিভ প্রমাণ–পত্র দাখিল কৰিলেহে তেওঁলোকক দিল্লীত অনুশীলনত অংশগ্রহণৰ অনুমতি দিয়া হ’ব৷ আজি প্রতীকপট নির্মাণৰ বাবে নির্মাণকাৰী সংস্থাক অর্পণ কৰা হৈছে ট্রেইলাৰ৷ দিল্লীৰ ডিফেন্স কলনীত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই প্রতীকপট নির্মাণৰ কাম সম্পূর্ণ কৰা হ’ব৷
উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণৰ বাবে এইবাৰ দিল্লীত কেন্দ্রীয়ভাৱে আয়োজন কৰিবলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীত বিভিন্ন সালসলনি ঘটোৱা হৈছে৷ বিশেষকৈ হ্রাস কৰা হৈছে দর্শকৰ সংখ্যা৷এইবাৰ এক লাখ দর্শকৰ পৰিৱর্তে পেৰেডত ২৫ হাজাৰ দর্শকক অনুমতি দিয়াৰ সম্ভাৱনা আছে৷ সেইদৰে পেৰেডৰ স্থানৰো কিছু সালসলনি ঘটাৰ সম্ভাৱনা আছে৷ অনুৰূপ ধৰণে দর্শকৰ আসনত ১৮ বছৰ তলৰ লোকক অনুমতি দিয়া নহ’ব৷ দিল্লীৰ গণৰাজ্য দিৱসৰ কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত বর্ষত গণৰাজ্য দিৱসত অসমে সর্বশ্রেষ্ঠ প্রতীকপটৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমৰ সত্রীয়া সংস্কৃতি, ভোৰতাল নৃত্য আদি বিগত বর্ষৰ প্রতীকপটত অন্তর্ভুক্ত কৰা হৈছিল৷