নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি লখিমপুৰত

বিশেষ বাৰ্তা, ২৫ জানুৱাৰী : আৰু মাথোঁ কেইঘন্টামানৰ পাছতে সমগ্র দেশত উদযাপন কৰা হ’ব দেশৰ গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে। বিশেষকৈ আৰক্ষী বাহিনীৰ তৰণি নোহোৱা হৈছে। গণৰাজ্য দিৱসৰ বাবে আৰক্ষীয়ে সম্পূৰ্ণ নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰাত উঠি-পৰি লগাৰ সমানে কুচকাৱাজ আদিৰো প্ৰস্তুতি কৰিছে। ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো আৰক্ষী তথা জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি কৰিছে। নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি কৰা হৈছে। কিছুদিনৰ আগৰে পৰা আৰক্ষী আৰু আৰক্ষীৰ বিশেষ শাখাৰ কঠোৰ পহৰাৰ মাজত ৰখা হৈছে খেল পথাৰখন। গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ সকলো ব্যৱস্থা ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে। আৰক্ষী, গৃহৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীয়ে পেৰেডৰ অনুশীলন কৰিছে খেলপথাৰখনত। ইফালে, সমগ্র লখিমপুৰ নগৰত চলিছে আৰক্ষীৰ নিশ্ছিদ্র তালাচী। আৰক্ষীৰ কঠোৰ তালাচীৰ উপৰি চৌদিশে আৰক্ষীৰ বিশেষ শাখাৰ লোকে হাতত মেটেল ডিটেক্টৰ লৈ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদৰ পৰা নগৰখনৰ সকলো কাৰ্য্যালয়ৰ চৌহদ, ৰাজহুৱা  স্থান, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আদিত আৰক্ষীৰ বিশেষ শাখাৰ লোকে অহৰ্নিশে বিস্ফোৰকজাতীয় পদার্থৰ সন্ধান কৰিছে। দেশৰ গণৰাজ্য দিৱস  শান্তিপূৰ্ণভাৱে  অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীয়ে  বিশেষ সুৰক্ষা গ্রহণ কৰিছে।  গণৰাজ্য দিৱসটো যাতে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰি, তাৰ বাবে আৰক্ষী অথবা জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্রহণ কৰিছে৷
প্ৰেৰক জীৱন গোস্বামী
You might also like