নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : আজি বোকাজান থানাৰ অন্তৰ্গত অমৰাজান কছাৰী বস্তিত সংঘটিত এক অগ্নিকাণ্ডৰ ঘটনাত এটা বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। প্ৰাপ্ত তথ্য অনুসৰি, আজি দিনৰ প্ৰায় দহ বজাত উল্লিখিত স্থানৰ ছিংলেইমা নামৰ মহিলাগৰাকীৰ বাসগৃহত অকস্মাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ লেলিহান শিখাই নিমিষতে গোটেই ঘৰটো আৱৰি ধৰাত ঘৰটোত থকা সকলো সম্পত্তি সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। অৱশ্যে, অগ্নিকাণ্ডৰ সময়ত ঘৰটোত কোনো লোক উপস্থিত নাছিল বুলি জানিব পৰা গৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ ব্যৱস্থা কৰে।
প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া 
You might also like