নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ ছিকিমৰ দুৰ্যোগত সন্ধানহীন হৈ মৃত্যুমুখত পৰা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ হাটখোলাৰ সেনা জোৱান মিটু কলিতাৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ হেলিকপ্টাৰেৰে আহি সাউদৰভিঠাত অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰি পোনে পোনে শ্বহীদ মিটু কলিতাৰ হাটখোলাৰ বাসগৃহত আহি উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনতে মিটু কলিতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰ ৷ ইয়াৰ পাছতে মিতু কলিতাৰ পিতৃ-মাতৃ, ভাতৃৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰে৷ মিটু কলিতাৰ পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে বাৰ্তালাপতো মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পুৱাৰে পৰা মিটুৰ বাসগৃহত অপেক্ষা কৰি থকা স্থানীয় মহিলাসকলৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। পিছত মিটুৰ বাসগৃহত হাটখোলা সমাজ, গাওঁৰ আয়তী, হাটখোলা মহিলা সমাজৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ পিছতে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত মিটু কলিতাৰ পৰিয়ালক আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ উপায়ুক্তৰ জৰিয়তে পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ উপৰি মিটু কলিতাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা অধিক সাহায্য প্ৰদানৰ বিষয়ে পৰৱৰ্তী সময়ত সেনা বাহিনীৰ সৈতেও আলোচনাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে৷ আনহাতে মিটু কলিতাৰ গৃহলৈ যোৱা পথটো মিটু কলিতাৰ নামেৰে নামকৰণ কৰি নিৰ্মাণ কৰাৰ বিষয়েও পৰৱৰ্তী সময়ত চিন্তা কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে মিটু কলিতাৰ পৰিয়ালৰ কোনোবাক সংস্থাপন দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজিকালি মেধাৰ ভিত্তিতহে নিযুক্তি প্ৰদান কৰা হয় বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “ছিকিমত হোৱা প্ৰলয়ংকাৰী বানত ভাৰতীয় সেনা বাহিনীৰ জোৱান মিটু কলিতাৰ অত্যন্ত দুখজনকভাৱে মৃত্যু হয়। পৰিয়ালটোৰ ডাঙৰ লৰা আছিল গোটেই ঘৰখনৰ দায়িত্ব আছিল। মিটুৰ মৃত্যুত সমগ্ৰ গাওঁখনৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মই তেওঁৰ বাসভৱনলৈ আহি তেখেতৰ পিতৃ মাতৃক প্ৰণাম জনালোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ। মিটুৰ পৰিয়ালটোক ভৱিষ্যতে আমি কিদৰে চাব লাগে চাম”। আজি মিটু কলিতাৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিটিআৰপ্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মন, অসম আৰক্ষীৰ আই জি পি সত্যৰাজ হাজৰিকা, বাক্সা জিলা আয়ুক্ত মাছান্দা পাৰ্টিন, আৰক্ষী অধীক্ষক উজ্বল প্ৰতিম বৰুৱাই।
প্ৰেৰক লৱ কুমাৰ দাস