নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত খহনীয়াত নিদ্ৰাহৰণ বালিজানবাসীৰ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : জোনাইৰ ৰাজাখানা-দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বালিজান অঞ্চললৈ ৷ দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে বালিজানবাসীৰ। ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ, মূল্যৱান গছ-গছনি জাহ গৈছে দেবিং নদীৰ বুকুত ৷ জানিব পৰা মতে, জোনাইৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিজান অঞ্চলত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা  ৰাজাখানা দেবিং নদীৰ বিগত প্ৰায় দহ বছৰৰ পৰা অব্যাহত থকা ভয়ংকৰ খহনীয়াই অঞ্চলটোলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি৷  প্ৰতি বছৰে নদীখনৰ গৰাখহনীয়াত জাহ গৈছে বালিজান গাঁৱৰ বহু পৰিয়ালৰ সপোনৰ ঘৰখন। সমান্তৰালকৈ নদীখনৰ খহনীয়াত জাহ গৈছে খেতিপথাৰ, মূল্যৱান গছ-গছনিৰ লগতে একমাত্ৰ সদাব্যস্ত পথটো৷ ইফালে, নদীখনৰ অব্যাহত থকা ভয়ংকৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে বালিজানৰ বহু পৰিয়ালৰ ৷ এনেদৰে নদীখনৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই বহু পৰিয়ালে খহনীয়াত ঘৰ-বাৰী হেৰুৱাই অঘৰী হোৱাৰ পথত৷ কিন্তু ইমানৰ পিছতো নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল চৰকাৰ কিম্বা জলসম্পদ বিভাগ অথবা জনপ্ৰতিনিধিক৷ সেয়ে শনিবাৰে সংবাদ মাধ্যমৰ যোগেদি নদীখনৰ খহনীয়াৰ শীঘ্ৰে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বালিজানবাসী ৰাইজে৷
প্ৰেৰক কৰবী দলে
You might also like