নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰলুইতৰ খহনীয়াৰ তাণ্ডৱত ত্ৰস্তমান ভূৰাগাঁওবাসী

🔹 খহনীয়া প্ৰতিৰোধী জিঅ’ বেগৰ কাম খৰতকীয়া কৰাৰ দাবী নৈপৰীয়াৰ

নিয়মীয়া বাৰ্তা,  ১ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ অঞ্চলত বৰলুইতৰ খহনীয়াই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰেমালৰ প্ৰভাৱত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ লগে লগে দুই-এক অঞ্চলত খহনীয়াৰ তাণ্ডৱ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। যোৱা কেইদিন ধৰি ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহলৌকান্দাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। প্ৰত্যেক দিনাই বৰহলৌকান্দাত বিঘাই বিঘাই কৃষিভূমি লুইতৰ বুকুত জাহ গৈছে। ইয়াৰ উপৰি এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে বহু পৰিয়াল গৃহহীন হোৱাৰ সম্ভাৱনা আছে। খহনীয়াৰ তীব্ৰ ৰূপ এইদৰে অব্যাহত থাকিলে মথাউৰি জাহ যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ইয়াকে লৈ নৈপৰীয়া ৰাইজৰ লগতে ভূৰাগাঁওবাসী অধিক শংকিত হৈ পৰিছে। আনহাতে, খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ নাতিদূৰৈত টেঙাগুৰি কছাৰী গাঁৱত চলি আছে খহনীয়া প্ৰতিৰোধী জিঅ’ বেগৰ কাম। উল্লেখ্য যে এডিবিৰ দ্বাৰা আবন্টিত খহনীয়া প্ৰতিৰোধী ২৫০ কোটি টকাৰ জিঅ’ বেগৰ আঁচনিৰ কাম চলি আছে। জিঅ’ বেগৰ কাম কৰাত টেঙাগুৰি কছাৰী গাঁৱত খহনীয়া বন্ধ হোৱা পৰিলক্ষিত হৈছে। কিন্তু মৰিগাঁও জিলা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম অতি লেহেম গতিত চলাই থকা বুলি নৈপৰীয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত খহনীয়া প্ৰতিৰোধী কাম চলি থকাৰ কিছু দূৰতেই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। নৈপৰীয়া ৰাইজৰ দাবী- জলসম্পদ বিভাগে জিঅ’ বেগৰ কাম অতি খৰতকীয়াকৈ কৰিব লাগে আৰু খহনীয়া অব্যাহত থকা অঞ্চলতো খহনীয়া প্ৰতিৰোধী জিঅ’ বেগৰ কাম কৰিব লাগে। স্মৰ্তব্য যে কেইটামান দিন পূৰ্বে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই টেঙাগুৰি কছাৰী গাঁৱত অব্যাহত থকা জিঅ’ বেগৰ কাম পৰ্যবেক্ষণ কৰাৰ লগতে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পিছত জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধী কাম অধিক তীব্ৰ গতিত কৰিবলৈ নিৰ্দেশ দিয়ে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। ইয়াৰ পিছতো জিলা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম লেহেম গতিত কৰি থকা বুলি নৈপৰীয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like