পঞ্জীয়ক, উপ–পঞ্জীয়কক তাৎক্ষণিক নিলম্বন
ডিব্রুঃ বিশ্ববিঃত তদন্ত কমিটী উপস্থিত হোৱাৰ মাজতে কার্যবাহী পৰিষদৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিয়াগোম দুর্নীতি, বিত্তীয় অনিয়ম, স্বজন–তোষণৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদত ডিব্রুগড় বিশ্ববিদ্যালয় চৌহদ উত্তাল হৈ থকাৰ সময়তে আজি উচ্চ শিক্ষানুষ্ঠানখনত উপস্থিত হ’ল আচার্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গঠন কৰি দিয়া তদন্ত মিটীৰ দল৷ সেই সময়ত বিশ্ববিদ্যালয়খনৰ অতিথিশালাৰ সভাকক্ষত কার্যবাহী পৰিষদৰ বৈঠক চলি আছিল৷ ইয়াৰ সমান্তৰালভাৱে শিক্ষক সন্থা আৰু আছু গোটৰ নেতৃত্বত শিক্ষার্থীসকলে উপাচার্য ড০ তামুলীৰ দুর্নীতিৰ বিৰুদ্ধে ৰূপায়ণ কৰি আছিল প্রতিবাদী কার্যসূচী৷ তেতিয়াই উচ্চ শিক্ষানুষ্ঠানখনৰ চৌহদত প্রৱেশ ঘটে উচ্চ পর্যায়ৰ তদন্তকাৰী দলটোৰ৷ লক্ষণীয়ভাৱে দুর্নীতিগ্রস্ত উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে ৰাজ্যপাল অধ্যাপক মুখীৰ দ্বাৰা গঠিত উচ্চপর্যায়ৰ কমিটীয়ে তদন্ত আৰম্ভ কৰাৰ দিনা অনুষ্ঠিত কার্যবাহী পৰিষদৰ বৈঠকত কেইটামান গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কার্যবাহী পৰিষদে উপাচার্য তামুলীক এসপ্তাহৰ বাবে বাধ্যতামূলক ছুটী দিয়াৰ বিপৰীতে এই সময়ছোৱাত ভাৰপ্রাপ্ত উপাচার্যৰ দায়িত্ব অর্পণ কৰিছে জ্যেষ্ঠ অধ্যাপক ড০ আৰ এন এছ যাদৱক৷ তদুপৰি পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তক বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদে তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ নিলম্বন কৰিছে আৰু পৰিসংখ্যা বিভাগৰ ড০ জিতেন হাজৰিকাক পঞ্জীয়কৰ দায়িত্ব অর্পণ কৰা হৈছে৷ পূর্বতেও পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্তক নিলম্বন কৰা হৈছিল৷
আনহাতে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিত্ত আৰু হিচাপ বিভাগৰ উপ–পঞ্জীয়ক দিগন্ত বৰাক কার্যবাহী পৰিষদে নিলম্বন কৰি উক্ত পদত বিশ্ববিদ্যালয়ৰ প্রশাসনিক বিভাগৰ যুটীয়া পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালক দায়িত্ব অর্পণ কৰা হৈছে৷ উল্লেখ্য যে যোৱা ১১ জানুৱাৰীৰ পৰা বিশ্ববিদ্যালয়খনৰ শিক্ষক, বিষয়া, কর্মচাৰী সন্থা আৰু আছু গোট তথা শিক্ষার্থী সমাজে ধাৰাবাহিক প্রতিবাদী কার্যসূচী অব্যাহত ৰখাৰ লগতে উপাচার্য ড০ তামুলীৰ দুর্নীতি সন্দর্ভত তদন্তৰ দাবী তুলি স্মাৰক–পত্র প্রেৰণ কৰিছিল আচার্য তথা ৰাজ্যপাল মুখীলৈও৷ অনুৰূপ দাবীৰে বিধায়ক ঋতুপর্ণ বৰুৱায়ো ৰাজ্যপাল অধ্যাপক মুখীক এখন পত্র প্রদান কৰিছিল৷ ইয়াৰ পাছতে ৰাজ্যপাল অধ্যাপক মুখীয়ে সমগ্র বিষয়টো তদন্তৰ বাবে এখন উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠন কৰি দিয়ে৷ এই তদন্ত কমিটীখনত আছে উজনি অসমৰ আয়ুক্ত মলয় বৰা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, ফৰেনছিকৰ বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফ্রিল মুছাহাৰী৷
জানিব পৰা মতে, তদন্তকাৰী দলটোৱে প্রধানকৈ ভুৱা বিলৰ অভিযোগ, চহী, হাতৰ আখৰ, বিভিন্ন নথিপত্র, শিক্ষক সন্থাৰ প্রতিনিধিৰ স্বাক্ষৰ, বিষয়া সন্থাৰ প্রতিনিধিৰ স্বাক্ষৰ, কর্মচাৰী সন্থাৰ স্বাক্ষৰ, বিশ্ববিদ্যালয়ৰ আছু গোটৰ প্রতিনিধিৰ স্বাক্ষৰ আদি পৰীক্ষা কৰাৰ লগতে উত্থাপিত অভিযোগৰ তদন্ত কৰি অহা ৪৮ ঘণ্টাৰ ভিতৰত অর্থাৎ ৬ ফেব্রুৱাৰীত প্রতিবেদন ৰাজ্যপাল অধ্যাপক মুখীক দাখিল কৰিব৷ আজি দুপৰীয়া বিশ্ববিদ্যালয়ত উপস্থিত হোৱা তদন্তকাৰী দলটোক আছু গোটৰ লগতে শিক্ষক সন্থাই সাক্ষাৎ কৰে৷ সাক্ষাতৰ সময়ত উজনি অসম আয়ুক্ত তথা তদন্ত কমিটীৰ অন্যতম সদস্য মলয় বৰাই কয় যে ৰাজ্যপালৰ নির্দেশমর্মে ডিব্রুগড বিশ্ববিদ্যালয়ৰ উপাচার্যজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰা হ’ব৷ সকলো নথিপত্র পুংখানুপুংখকৈ চালি–জাৰি চোৱা হ’ব৷ সকলো খুটি–নাটি চোৱা হ’ব৷ তদন্তৰ সময়ছোৱাত সহায়ক হোৱাকৈ বিশ্ববিদ্যালয়খনৰ সংশ্লিষ্ট সকলো নথিপত্র যোগানৰ ক্ষেত্রত সহযোগ কৰিবলৈ ডিব্রুগড় জিলাৰ জিলা উপায়ুক্তক ৰাজ্যপালৰ কার্যালয়ৰ পৰা নির্দেশ দিয়া হৈছে বুলি উজনি অসম আয়ুক্ত মলয় বৰাই জানিবলৈ দিয়ে৷ তেওঁ লগতে তদন্ত কমিটীয়ে তদন্ত কৰি অহা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যপালক প্রতিবেদন দাখিল কৰিব লাগিব৷
আনহাতে, বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থা, বিষয়া সন্থা, কর্মচাৰী সন্থাকে ধৰি ছাত্র–ছাত্রীসকলে উপাচার্য ড০ তামুলীৰ দুর্নীতি–নিয়মৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে প্রতিষ্ঠাকালৰে পৰা থকা ঐতিহ্যমণ্ডিত ডিব্রুগড বিশ্ববিদ্যালয়ৰ গৰিমাত আঁচোৰ পেলোৱা উপাচার্য ড০ ৰঞ্জিত তামুলীক বর্খাস্ত কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত যাতে কোনো দুর্নীতি কৰিবলৈ সাহস নকৰে, তাৰ দাবী জনায়৷ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই তেওঁলোকৰ সকলো দাবী কার্যবাহী পৰিষদৰ আগত উত্থাপন কৰাৰ পাছত পৰিষদৰ সদস্যই অতি আন্তৰিকতাৰে, বিশ্বাসযোগ্যতাৰে তদন্ত আগবঢ়াই নিব বুলি দৃঢ়তাৰে বিশ্বাস কৰিছে বুলি শিক্ষক সন্থাৰ সভাপতি লক্ষীৰাম শইকীয়াই মন্তব্য কৰে৷ তেওঁ কয় যে অন্যায় বা দুর্নীতিৰ বিৰুদ্ধে ডিব্রুগড বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, বিষয়া–কর্মচাৰী সমাজ আৰু শিক্ষার্থী সমাজে যিদৰে প্রতিবাদ সাব্যস্ত কৰিছে, সেই সত্তাটোৰ প্রতি সন্মান জনাই সমস্যাবিলাক সদিচ্ছাৰে সমাধান কৰাত ব্রতী হ’ব৷ বিৰামহীনভাৱে আলোচনা–পর্যালোচনা কৰি নিশাটোৰ ভিতৰতে সিদ্ধান্ত বা বিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি মত পোষণ কৰে কার্যবাহী পৰিষদে৷ অন্যথা কাযবাহী পৰিষদৰ সদস্য পদৰ পৰা অব্যাহতি ল’ব বুলি কার্যবাহী সদস্যসকলে শিক্ষক প্রতিনিধিৰ আগত অৱগত কৰে বুলিও সন্থাৰ সভাপতি লক্ষীৰাম শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ আনহাতে, কোনো স্থিৰ সিদ্ধান্ত বা সুদুত্তৰ নোপোৱালৈ শিক্ষক সন্থাই আন্দোলন চলাই যাব বুলি সদৰী কৰে৷
বিশ্ববিদ্যালয়ৰ আছু গোটৰ তৰফৰ পৰা কোৱা হয় যে সমগ্র দিশ সামৰি নিৰপেক্ষ তদন্ত হ’ব লাগে৷ কেৱল উপাচার্যই নহয়, এই দুর্নীতি–নিয়মৰ লগত জড়িত সকলো বিষয়া–কর্মচাৰীক তদন্তৰ আওতালৈ আনিব লাগে৷কোনো পক্ষই যাতে ৰেহাই নাপায়, সেই দিশত চকু দিব লাগে৷ সকলোৱে সমানেই শাস্তি পোৱা উচিত৷ কিয়নো তেতিয়াহে ভৱিষ্যতৰ দিনত কোনেও দুর্নীতি–নিয়ম কৰাৰ সাহস কৰিব নোৱাৰে৷ উল্লেখ্য যে পাহাৰসম দুর্নীতিত নিমজ্জিত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে উত্থাপিত গাডীৰ ভুৱা বিল দাখিল কৰা, অস্তিত্বহীন হোটেলত নৈশ যাপনৰ বিল দাখিল কৰি বিশ্ববিদ্যালয়ৰ পুঁজিৰ পৰা ধন উলিয়াই নিয়া, বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সংঘটিত টাইলছ কেলেংকাৰিৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ তদাৰকী কোষে দাখিল কৰা তদন্ত প্রতিবেদন গাপ দি ৰখা, মহামাৰী ক’ৰোনাৰ বাবে চৰকাৰে নতুন গাডী ক্রয়ত নিষেধাজ্ঞা দিয়া সত্ত্বেও চৰকাৰৰ অনুমতি অবিহনে উপাচার্যই নতুন ইন’ভা গাডী ক্রয় কৰা, বিশ্ববিদ্যালয়ৰ বিভিন্ন পদবীত নতুন নিয়োগ আৰু অৱসৰৰ পাছত পুনঃনিয়োগৰ ক্ষেত্রত স্বজন–তোষণ নীতি গ্রহণ কৰা, বিশ্ববিদ্যালয়ৰ পৰিকল্পনা আৰু নির্মাণ বিভাগৰ বিষয়াই বিশ্ববিদ্যালয়ৰ বিভিন্ন বিধি, অধ্যাদেশ আদিক ভৰিৰে মোহাৰি পেলোৱা, বিশ্ববিদ্যালয়ৰ বিভিন্ন নির্মাণ আৰু যোগান কার্যত ছিণ্ডিকেট গঢ়ি তোলা, নিবিদা আহ্বান আৰু ঠিকা আবণ্টনৰ ক্ষেত্রত ভাৰত চৰকাৰৰ কেন্দ্রীয় তদাৰকী কোষৰ পৰামর্শাৱলী আৰু সাধাৰণ বিত্তীয় নিয়মাৱলী উলংঘন কৰা, প্রজেক্ট মনিটৰিং কোষ স্থাপনৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠিত প্রক্রিয়া উলংঘা কৰি বিভিন্ন সা–সৰঞ্জাম আদি ক্রয়ৰ জৰিয়তে বিত্তীয় অনিয়ম সংঘটিত কৰা আদি এশ এটা অভিযোগ সন্দর্ভত সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্রচাৰ হৈ আছে৷ আজি ৰাজ্যপালে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ কমিটীখনে অহা ৬ ফেব্রুৱাৰীৰ ভিতৰত কি প্রতিবেদন দাখিল কৰিব, সেয়া সকলোৱে অতি আশাৰে বাট চাই ৰৈছে৷