নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জুলাইৰ পৰা আন্তঃজিলা পৰিবহণত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ক’ভিড–১৯ৰ সংক্রমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে অহা ২২ জুলাইৰ পৰা ৰাজ্যখনত আন্তঃজিলা পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰিছে৷  খানাপাৰাৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই কথা প্রকাশ কৰে৷ মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে, পৰৱর্তী নির্দেশ নিদিয়াপর্যন্ত এই নিষেধাজ্ঞা অব্যাহত থাকিব৷

অৱশ্যে চিকিৎসা আৰু শেষমুহূর্তৰ জৰুৰী অৱস্থাৰ ক্ষেত্রত যাত্রা আৰম্ভ কৰিবলগীয়া জিলা উপায়ুক্তৰ লিখিত অনুমতি সাপেক্ষেহে চলাচল কৰিব পাৰিব৷ জনসাধাৰণৰ চলাচলৰ ক্ষেত্রত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও সামগ্রী সৰবৰাহৰ ক্ষেত্রত কোনো বাধা–নিষেধ নাথাকিব৷ সংবাদ মেলখনত মুখ্য সচিবগৰাকীয়ে কয় যে যোৱা ২৮ জুনত কামৰূপ (মেট্র’) জিলাত দুসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰাৰ সময়ত ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা আছিল ৭,৪৯২গৰাকী৷

ইয়াৰে ১,১৯৫গৰাকী আছিল কামৰূপ (মেট্র’) জিলাৰ৷ কালিৰ দিনটোত এই সংখ্যা ২১,৮৬৪গৰাকীলৈ বৃদ্ধি পায়, য’ত কামৰূপ (মেট্র’) জিলাৰ পৰাই ওলাইছে ৯,৮৭৮গৰাকী৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ৬৪,৩৮৯গৰাকীলৈ বৃদ্ধি হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ কামৰূপ (মেট্র’) জিলাৰ এই সংখ্যা ৩২,৯৩৩লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে৷ তদুপৰি তিনিচুকীয়া, কৰিমগঞ্জ আদি জিলাতো শেহতীয়াভাৱে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে অহা ২২ জুলাই অর্থাৎ বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াতত নিষেধাজ্ঞা আৰোপ কৰে৷

You might also like