নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা সংসদৰ ঘোষণাঃ ২৫ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা, ৫ জুনঃ মহামাৰী ক’ভিড–১৯ৰ আতংকৰ মাজতে ২৫ জুনত ঘোষণা কৰা হ’ব ২০২০ বর্ষৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷

পুৱা ৯ বজাত বুকলেট আৰু ৱেবছাইটৰ জৰিয়তে ফলাফল প্রকাশ কৰা হ’ব বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷

ইফালে ফলাফল প্রকাশৰ দিনাই পৰীক্ষার্থীসকলে মার্কশ্বীট আৰু চার্টিফিকেট লাভ কৰিব বুলিও জানিবলৈ দিছে শিক্ষা সংসদ কর্তৃপক্ষই৷

উল্লেখ্য যে এইবাৰ ৭৭২টা কেন্দ্রত অৱতীর্ণ হৈছে মুঠ ২,৩৬,৮০৯গৰাকী পৰীক্ষার্থী৷ ইয়াৰে কলা শাখাত ১,৭৫,১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, বাণিজ্যত ১৮,১৭৮গৰাকী আৰু বৃত্তিমূলক শাখাত অৱতীর্ণ হৈছে ৮৬৮গৰাকী পৰীক্ষার্থী৷ পৰীক্ষার্থীৰ সুবিধার্থে শিক্ষা সংসদে ১৭টা ৱেছাইটত প্রকাশ কৰিব ফলাফল৷

এই ৱেবছাইটকেইটা হ’ল

  • www.hsinfo.in,
  • www.ahsec.nic.in,
  • www.knowyourresult.com,
  • www.ExamResults.com,
  • www.results.sikhsha,
  • www.exametc.com,
  • www.scholls9.com,
  • www.jagranjosh.com,
  • www.resultsamarujala.com,
  • www.assamresult.com,
  • www.Results.net,
  • www.EduAssam.com,
  • www.assam.shiksha,
  • www.assamjobalerts.com,
  • www.timesofindia.com,
  • www.assamonline.in 
  • www.school.gradeup.co.
You might also like