জিএমচিএইচৰ অৱসৰী অধ্যক্ষ ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অৱসৰী অধ্যক্ষ তথা হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰম্বৈ-দক্ষিণ কেতেকীবাৰীৰ সুসন্তান আৰু বৰ্তমান গুৱাহাটী কুমাৰপাৰা-কনকলতা ৰোডৰ নিৱাসী ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ কালি সন্ধিয়া মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ। ডেকাৰ মৃত্যুত বৃহত্তৰ বৰম্বৈ অঞ্চলত গভীৰ শোকৰ ছা পৰিলক্ষিত হৈছে। পৰিয়াল সূত্ৰে জানিব পৰা মতে, অৱসৰী অধ্যক্ষ ডেকাই দীৰ্ঘদিন ধৰি বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ আছিল। শাৰীৰিকভাৱে অধীক অসুষ্ঠ হৈ পৰাত ৩০ অক্টোবৰত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই আৰু চিকিৎসাধীন অৱস্থাতে কালি শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ জন্ম হৈছিল হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কেতেকীবাৰী গাৱঁত ১৯৪৬ চনৰ ৮ নৱেম্বৰত। তেওঁৰ পিতৃ আছিল স্বাধীনতা সংগ্ৰামী প্ৰয়াত অমৃত চন্দ্ৰ ডেকা। মুনীন্দ্ৰ মোহন ডেকাই গৃহগাওঁ কেতেকীবাৰীতে প্ৰাথমিক শিক্ষা অৰ্জন কৰে যদিও হাইস্কুলীয়া শিক্ষা নলবাৰী গৰ্ডন হাইস্কুল আৰু দমদমা হাইস্কুলত সম্পন্ন কৰে আৰু গুৱাহাটী কটন কলেজিয়েটৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কটন কলেজৰ পৰা সম্পন্ন কৰে। পিছত এম বি বি এছ, এ এম চি গুৱাহাটী আৰু ডিব্ৰুগড়ৰৰ পৰা অৰ্জন কৰে। তেওঁৰ মৃত্যুত বৃহত্তৰ বৰম্বৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। মৃত্যুৰ সময়ত ডেকাই পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, ভাতৃ-ভগ্নীক ইহসংসাৰত এৰি যায়। ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অৱসৰী অধ্যক্ষ ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ মৃত্যুৰ খবৰ শুনি মৰ্মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে বুলিও পৰিয়াল সূত্ৰে জানিব পৰা গৈছে।
প্ৰেৰক শ্বাহজাহান ইছলাম