নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা গগৈৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : ঢকুৱাখনাৰ হিলৈদাৰী গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী-সমাজ সংগঠক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱিকা প্ৰতিভা গগৈৰ আজি পুৱা বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। বৃহত্তৰ ঢকুৱাখনা-ঘিলামৰা অঞ্চলত নাৰী শিক্ষাৰ প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰা গগৈয়ে ১৯৬০ চনত ঘিলামৰা বালিকা মজলীয়া বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি ২০০১ চনত ঢকুৱাখনা বালিকা মজলীয়া অভ্যাসন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০০১চনত জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰিছিল প্ৰয়াত গগৈয়ে। এগৰাকী সু-শিক্ষয়িত্ৰী তথা সফল মাতৃ হিচাপে পৰিচিত নিৰহংকাৰী ব্যক্তিত্বৰ অধিকাৰী ধৰ্মপ্ৰাণ মহিলা গগৈৰ বিয়োগত শোকৰ ছাঁ পৰিছে একালৰ কৰ্মথলী বিদ্যালয়ৰ লগতে জম্নভূমি ঢকুৱাখনাৰ হিলৈদাৰী অঞ্চলত। দুগৰাকী পুত্ৰ-বোৱাৰী আৰু একমাত্ৰ কন্যা-জোঁৱাই আৰু নাতি-নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। সকলোৰে প্ৰিয়ভাজন, অতিথিপৰায়ণ আৰু এগৰাকী সৰল মনৰ মহিলা হিচাপে সুপৰিচিত গগৈয়ে আমৃত্যু ঢকুৱাখনাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সতে জড়িত হৈ সমাজহিতৈষী ব্যক্তি হিচাপে সমাজলৈ বৰেণ্য অৱদান আগবঢ়াই গৈছে। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ কৰ্মী আৰু ঢকুৱাখনা জিলা শ্ৰীমন্ত শংকৰ সংঘ আই-মাতৃ কল্যাণ সমিতিৰ কেইবাটিও কাৰ্যকালৰ সভানেত্ৰী হিচাপে গুৰু দায়িত্ব পালন কৰা গগৈয়ে অঞ্চলটোৰ আই-মাতৃসকলৰ লগতে শিশুসকলকো গুৰু দুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি সাহিত্য, কলা-সংস্কৃতিৰ ধাৰা আগুৱাই নিয়াত অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত সমবেত হোৱা গুণমুগ্ধসকলে প্ৰতিভা গগৈৰ নশ্বৰদেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like