নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ বজালী সদৰ পাঠশালা পৌৰসভাৰ দায়িত্বজ্ঞানহীনতা আৰু অকৰ্মান্যতাৰ ফলতে আজি এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কৰুণভাৱে মৃত্যুক সাবতি লবলগীয়া ঘটনাই সমগ্ৰ পাঠশালাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মৃত লোকজন পাঠশালাৰ শান্তিপুৰ নিৱাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী কুমাৰ ঠাকুৰীয়া (৭৪) বুলি জানিব পৰা গৈছে৷ উল্লেখ্য দীৰ্ঘ দিনধৰি পাঠশালাৰ কলেজ ৰোডৰ ইউনিয়ন বেঙ্কৰ সমীপথত পদপথৰ এখন প্লেট ভাঙি পৰাত সাধাৰণ ৰাইজে পদপথটিৰে যাতায়াত কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছিল৷ নলাৰ ওপৰৰ প্লেট খন ভাঙি নলাৰ ভিতৰত সোমাই যোৱাৰ ফলত সমগ্ৰ পথছোৱা বিপদ সংকুল হৈ পৰাত স্থানীয় ব্যৱসায়ীয়ে এই বিষয়ে পাঠশালা পৌৰসভাক প্লেটখন লগোৱাৰ বাবে বহুবাৰ অনুৰোধ কৰিছিল যদিও পাঠশালা পৌৰসভাই এই বিষয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্লেটখন নতুনকৈ লগোৱাৰ সলনি পৌৰসভাই সৰুকৈ দুডাল ৰছি লগাই নিজৰ দায়িত্ব সামৰি থোৱা বুলি স্থানীয় ব্যবসায়ীসকলে অভিযোগ উত্থাপন কৰে, যাৰ বাবে আজি পুৱাৰ ভাগতে হয়ত প্ৰাতভ্ৰমণলৈ আহি পাঠশালা নিৱাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী ঠাকুৰীয়াই নলাত পৰি দীৰ্ঘ সময় চটফটাই আছিল৷ দিনৰ প্ৰায় ১০মান বজাতহে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি প্ৰায় ১০ ফুট দ নলাৰ পৰা ঠাকুৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু অতি সংকতজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ এই শোকাৱহ ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ ৰাইজ আৰু ব্যৱসায়ীয়ে পাঠশালা পৌৰসভাৰ চুড়ান্ত দায়িত্বজ্ঞানহীনতা বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে পাঠশালাৰ কলেজ ৰোডটো অৱৰোধ কৰি সম্পুৰ্ণৰূপে যাতায়াত বন্ধ কৰি দিয়ে৷ লগে লগে পাঠশালাৰ কলেজ ৰোডৰ যাতায়ত ব্যৱস্থা অচল হৈ পৰে৷ পথতে আৱদ্ধ হৈ পৰে যান বাহন আৰু পথচাৰী৷ এনে সময়তে পাঠশালাৰ উপ পৌৰপতি ৰাতুল ৰয় ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজে তেওক বিভিন্ন প্ৰশ্নৰে জবাবদিহী কৰে৷ ক্ষোভিত পথচাৰী আৰু ব্যৱসায়ীসকলে পাঠশালা পৌৰসভা মুৰ্দাবাদ, পাঠশালা পৌৰ সভা হায় হায় আদি বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰায় তিনিঘন্টা ধৰি পথ অৱৰোধ চলি থকাৰ মাজতে পাঠশালা পৌৰসভাই উন্মুক্ত নলাৰ প্লেটখন নতুকৈ লগাই দিয়াত পৰিবেশ সাময়িক ভাবে শাম কাটে৷ কিন্ত অতি দুখৰ বিষয় যে আবেলি সময়ত অৱসৰপ্ৰাপ্ত ঠাকুৰীয়াই বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ সমগ্ৰ বিষটোক লৈ পাঠশালাত এক উত্তেজনাময় পৰিবেশে বিৰাজ কৰিছে৷ সকলোৱে পাঠশালা পৌৰসভাৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে প্ৰশ্ন উথাপন কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত সংধটিতএনেকুৱা দুৰ্ঘটনাৰ পিছতে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো পাঠশালা পৌৰসভাই খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰাৰ কাৰ্যত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষনীয় হৈ পৰিছে৷ উল্লেখ্য যে কেৱল কৰ সংগ্ৰহত অধিক গুৰুত্ব আৰোপ কৰি অহা পাঠশালা পৌৰ সভাৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহে যদিও পৌৰপতি জলি চৌধুৰীৰ নেতৃত্বাধীন পাঠশালা পৌৰসভাই স্পৰ্শকাতৰ তখা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি প্ৰায়েই উদাসীনতা প্ৰদৰ্শন কৰি আহিছে৷ নগৰখনৰ বহু ঠাইত পদপথ সমূহ উন্মুক্ত হৈ থকাৰ লগতে বহু সময়ত পদপথসমূহৰ ওপৰতে একাংশ ব্যৱসায়ীয়ে নিজ নিজ দোকানৰ বিভিন্ন বস্তু জমা কৰি থৈ পদপথসমূহ ব্যৱহাৰ কৰি আহিছে যদিও এইবোৰ দেখিও নেদেখাৰ ভাও জুৰি আহিছে পাঠশালা পৌৰসভাই৷ পৌৰ সভাই বিভিন্ন সময়ত বিভিন্ন নিয়ম লাগু কৰে যদিও অতি কম দিনৰ ভিতৰতে সেইবোৰ ধোৱা চাঙত তুলি থয় বুলি সততে অভিযোগ উত্থাপিত হয়৷ আজিৰ এই শোকাৱহ ঘটনাই পাঠশালা পৌৰসভাৰ চুড়ান্ত দায়িত্বজ্ঞানহীনতাক যেন নিৰ্লজ্যভাৱে উদঙাই দিলে৷
প্ৰেৰক কল্যাণ কলিতা