🔹 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে জীপাল কৰিলে গুৱাহাটীৰ কামাখ্যা গেট
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : যি সময়ত গুৰু-শিষ্যৰ সম্পৰ্কত বিভিন্ন কাৰকৰ ফলত ঘুণে ধৰি এক নেতিবাচক দিশলৈ গতি কৰিছে, ঠিক তেনে সময়তে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গুৰুক শ শ কিলোমিটাৰ দূৰৰ পৰা বিচাৰি আহি গুৱাহাটীত অৱস্থিত তেওঁৰ বাসগৃহত গুৰুসেৱা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা ঘটনাই সমাজখনৰ প্ৰতিয়েই এক ইতিবাচক বার্তা কঢ়িয়াই আনিছে। প্ৰণিধানযোগ্য যে ২০০৪-০৫ চনত যেতিয়া প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয় শুভাৰম্ভ কৰা হৈছিল, সেই সময়ত উক্ত পাঠ্যক্ৰমত অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ বিশ্ববিদ্যালয়ৰ তদানীন্তন উপ-গ্ৰন্থাগাৰিক উমা গগৈয়ে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ কৰি আনিছিল বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৰেন নাথ শৰ্মাক। উক্ত দিন ধৰি ২০১১ চনলৈকে কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰীসকলক নিজ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰি সকলোৰে হৃদয়ত এক পৃথক আসন দখল কৰিবলৈ সক্ষম হোৱা শিক্ষকগৰাকীৰ সন্মানৰ বাবে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান কেন্দ্ৰ চমুকৈ ক্লিছৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ। সেই অনুসৰি কালি কেন্দ্ৰটোৰ সৌজন্যত তথা কেন্দ্ৰৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক কৃষ্ণ চাহু, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক মধুমিতা সন্দিকৈ, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক নয়নমণি বৰা তথা দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী ক্ৰমে যোৰহাট দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক অৰুণিমা গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাঞ্জল ভূঞাৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক চেলেং, স্মাৰক, গ্ৰন্থ আৰু সঁফুৰাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা কেন্দ্ৰীয় গ্রন্থগাৰৰ গ্ৰন্থাগাৰিক উৎপল দাস, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ গ্ৰন্থাগাৰিক নীলাঞ্জন পাঠক আৰু নলবাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ৰঞ্জন শৰ্মায়ো অংশগ্ৰহণ কৰা এই ব্যতিক্ৰমী অনুষ্ঠানটোত সম্বৰ্ধনাপ্ৰাপ্ত ব্যক্তি নৰেন্দ্ৰ নাথ শৰ্মাই সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰাৰ লগতে গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ এছ আৰ ৰংগনাথনৰ সৈতে লাভ কৰা সান্নিধ্যৰ যোগেদি তেওঁ এই যাত্ৰাত কিদৰে লাভান্বিত হৈছিল, তাৰ আভাস দাঙি ধৰি এনেধৰণৰ সম্বৰ্ধনাই তেওঁক সমাজখনৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিলে বুলি বক্তব্য প্ৰদান কৰে। আনহাতে, উৎপল দাস, ৰঞ্জন শৰ্মা প্ৰমুখ্যে অন্যান্য বক্তাসকলে শৰ্মাই গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানক ঐকান্তিকতাৰে স্বীকৃতি প্ৰদান কৰাৰ লগতে নতুন প্ৰজন্ময়ো তেওঁৰ এই কৰ্তব্যনিষ্ঠা, নীতি আৰু আদৰ্শক জীয়াই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা