🔹 বিশিষ্ট সংগীত শিল্পীৰ সন্ধান নোলোৱাত উদ্বিগ্ন ৰাজ্যবাসী
🔹 লুইতৰ বুুকুত অবিৰাম চলিছে এছডিআৰএফ–এনডিআৰএফৰ অভিযান
🔹 ত্ৰুটি নৰখাকৈ উদ্ধাৰ অভিযান চলাবলৈ আৰক্ষী আয়ুক্তক নির্দেশ মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ২৩ জুলাই : এতিয়াও সন্ধান ওলোৱা নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ৷ কালি পুৱা ১০ বজাত লতাশিলস্থিত বাসগৃহৰ পৰা ওলাই যোৱা পুৰোধা সংগীত শিল্পীগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে যদিও কোনো শুংসূত্র আৰক্ষী তথা পৰিয়ালে লাভ কৰা নাই৷ বিশেষকৈ তেওঁৰ ম’বাইল ফোন ছুইচ অফ হৈ থকাৰ বাবেই লোকেচন উলিয়াব পৰা নাই আৰক্ষীয়ে৷ অৱশ্যে তেওঁৰ শেষ ম’বাইল লোকেচন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্রহ্মপুত্রৰ পাৰত আছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷ ইয়াৰ ভিত্তিতে আজি এছডিআৰএফ আৰু এনডিআৰএফে লুইতৰ বুকুত ৰমেন বৰুৱাক বিচাৰি অভিযান চলায়৷ অৱশ্যে বাতৰি লিখা পৰলৈকে তেওঁৰ কোনো শুংসূত্র উলিয়াব পৰা নাই এনডিআৰএফ–এছডিআৰএফে৷ অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ এক উজ্জ্বল নক্ষত্র ৰমেন বৰুৱাৰ সন্ধান নোলোৱাত সমগ্র ৰাজ্যবাসী উদ্বিগ্ণ হৈ পৰিছে৷ সকলোৰে মনত উদয় হৈছে এটাই মাত্র প্রশ্ণ– ক’ত হেৰাল পুৰোধা ৰমেন বৰুৱা? উল্লেখ্য যে সোমবাৰে পুৱা ১০ বজাত বিশিষ্ট সংগীত শিল্পীগৰাকীৰ লতাশিলস্থিত বাসগৃহৰ পৰা ওলাই আহিছিল বুলি তেওঁৰ ভাতৃ জনপ্রিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাই সদৰী কৰিছিল৷ দ্বীপেন বৰুৱাই প্রকাশ কৰা অনুসৰি, প্রতিদিনে ৰমেন বৰুৱাই পুৱা প্রায় ১০ বজাত ঘৰৰ পৰা ওলাই আহে৷ লতাশিলস্থিত গণেশ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি হোৱা বাবেই সদায় তেওঁ পুৱা ঘৰৰ পৰা ওলাই গণেশ মন্দিৰলৈ আহে৷ গণেশ মন্দিৰতে দুপৰীয়াৰ ভাগলৈ থকাৰ পাছত ৰমেন বৰুৱা পুনৰ লতাশিলস্থিত বাসগৃহলৈ উভতি যায়৷ দ্বীপেন বৰুৱাই প্রকাশ কৰা অনুসৰি, কেৱল গণেশ মন্দিৰেই নহয়, বিভিন্ন প্রতিযোগিতাৰ বিচাৰক হিচাপেও দায়িত্ব পালনৰ বাবে ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই যায়৷ কম কথা কোৱা স্বভাৱৰ ৰমেন বৰুৱাই বহু সময়ত পৰিয়ালক অৱগত নকৰাকৈও এনে অনুষ্ঠানৰ বাবে ওলাই আহে বুলি দ্বীপেন বৰুৱাই সদৰী কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত কালি দুপৰীয়া পর্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত কোনো উদ্বেগৰ সৃষ্টি হোৱা নাছিল৷ কিন্তু লাহে লাহে সময় অতিবাহিত হোৱাৰ পাছতো বিশিষ্ট সংগীত শিল্পীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালবর্গ লতাশিল থানাৰ ওচৰ চাপে৷ লগে লগে আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে ৰমেন বৰুৱাৰ বিচাৰ-খোঁচাৰ কৰিবলৈ আৰম্ভ কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চি চি টিভি কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি কালি তেওঁ দুপৰীয়াৰ ভাগত উচ্চ ন্যায়ালয়ৰ সমীপৰে ব্রহ্মপুত্রৰ দিশে যোৱা পথটোৰে খোজকাঢ়ি গৈছিল৷ আনকি ব্রহ্মপুত্রৰ পাৰতে থকা উজান বজাৰৰ দৈনিক বজাৰৰ কেইজনমান ব্যৱসায়ীয়ে তেওঁক দেখা পোৱা বুলিও সদৰী কৰিছে৷ কিন্তু সন্ধিয়ালৈ ঘৰলৈ উভতি নাহি বিশিষ্ট সংগীত শিল্পীগৰাকী ক’লৈ গ’ল বুলি পৰিয়ালৰ মনত প্রশ্ণৰ অৱতাৰণা হৈছে৷ সমান্তৰালভাৱে বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা কিবা কাৰণত অসন্তুষ্ট আছিল নেকি বুলিও ৰহস্যৰ সৃষ্টি হৈছিল৷ কিয়নো তেওঁৰ ভাতৃ দ্বীপেন বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত কয়– ‘অসন্তুষ্টি এটা নিশ্চয় আছিল৷ স্বাভাৱিক মানুহ এজন এনেদৰে ওলাই যাব নোৱাৰে৷ মানসিকভাৱে কিবা এটা তেওঁ পাইছে৷ তাৰ পাছত ওলাই গৈছে৷ মই জানিলেও ক’ব নোৱাৰোঁ৷ ভবাটো নকওঁ৷ ভাল খবৰ এটা পালে ভাল কথা৷ কিন্তু বেয়া খবৰ আহিলে মই সকলো ক’ম৷’ ইপিনে, ৰমেন বৰুৱা সন্ধানহীন হোৱা খবৰে উদ্বিগ্ণ কৰি তুলিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ তেওঁ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ত্ৰুটিহীনভাৱে উদ্ধাৰ অভিযান চলাবলৈ নির্দেশ প্রদান কৰিছে৷ সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রৰ এগৰাকী বৰেণ্য কাণ্ডাৰী, বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা নিৰুদ্দেশ হৈ থকা খবৰটিত আমি গভীৰভাৱে চিন্তিত হৈছোঁ৷ তেওঁৰ অনুপস্থিতিয়ে পৰিয়াল, বন্ধু–বান্ধৱী আৰু তেওঁৰ অগণন অনুগামীক চিন্তিত কৰি তুলিছে৷ মই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কোনো ত্রুটি নৰখাকৈ বৰুৱাৰ সন্ধান উলিয়াবলৈ ক্ষিপ্র ব্যৱস্থা গ্রহণ কৰাৰ বাবে আহ্বান জনাইছোঁ৷’ আনহাতে, নিশাৰ ভাগতে লতাশিলস্থিত বৰুৱাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই মত বিনিময় কৰে৷ পুৰোধা শিল্পীগৰাকীৰ সন্ধান উলিয়াবলৈ সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰখা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে সন্ধানহীন ৰমেন বৰুৱাই ১৯ বছৰ বয়সতে যুটীয়াভাৱে আমাৰ ঘৰ ছবিৰ সংগীত পৰিচালনা কৰে৷ ১৯৬৯ চনত মুক্তিপ্রাপ্ত প্রখ্যাত অসমীয়া ছবি ডক্টৰ বেজবৰুৱাত তেওঁ প্রথম স্বতন্ত্রভাৱে সংগীত পৰিচালনা কৰি খ্যাতি অর্জন কৰে৷ ২৭খন ছবিৰ সংগীত পৰিচালনা কৰা ৰমেন বৰুৱা গুৱাহাটী অনাতাঁৰ কেন্দ্রৰো নির্বাচিত কণ্ঠশিল্পী আছিল৷ বিষ্ণু ৰাভা বঁটা, হেমাংগ বিশ্বাস বঁটা, তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটাকে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত হৈছে ৰমেন বৰুৱা৷ অসমীয়া সংগীত জগতক এক অনন্য মাত্রা প্রদান কৰা এইগৰাকী বিশিষ্ট শিল্পী সন্ধানহীন হোৱাৰ খবৰত উদ্বিগ্ণ হৈ পৰা বহু অনুৰাগীয়ে লতাশিলৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ ওচৰত থিয় দিছে৷ সকলোৱে কামনা কৰিছে– সোঁশৰীৰে সুস্থভাৱে লতাশিলৰ ঘৰটিলৈ উভতি আহক ৰমেন বৰুৱা৷