কাজিৰঙাত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে গঁড়ক
নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ কাজিৰঙাৰ হালধীবাৰীত এটা দুৰ্ভাগ্যজনক ঘটনা৷ ঘটনা অনুসৰি এটা গঁড়ক এখন চলন্ত ট্ৰাকে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে। এই তথ্য স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি ইয়াৰ এক ভিডিঅ পোষ্ট কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে। তেওঁ টুইটত কয় যে গঁড় আমাৰ বিশেষ বন্ধু। গড়ৰ বিচৰণভূমিত আমি কাকো সোমাবলৈ নিদিওঁ।
তেওঁ নিজৰ টুইটত কয় যে হালদীবাৰীত সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাটোত গঁড়টো সুভাগ্যক্ৰমে ৰক্ষা পৰিছে। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনক চিনাক্ত কৰি জৰিমনা বিহা হৈছে।
ইপিনে কাজিৰঙাত জীৱ-জন্তুৰ সুৰক্ষাৰ সংকল্প হিচাপে চৰকাৰে ৩২ কিলোমিটাৰ ‘এলিভেটেড কৰিডৰ’ৰ নিৰ্মাণৰ কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Rhinos are our special friends; we’ll not allow any infringement on their space.
In this unfortunate incident at Haldibari the Rhino survived; vehicle intercepted & fined. Meanwhile in our resolve to save animals at Kaziranga we’re working on a special 32-km elevated corridor. pic.twitter.com/z2aOPKgHsx
— Himanta Biswa Sarma (@himantabiswa) October 9, 2022