নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত গঁড় হত্যা–৩ দিন পিছতহে গম পালে বন বিভাগে

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাজ্যত গঁড় হত্যা ৰোধত সম্পূর্ণৰূপে সফল হোৱা বুলি বিজেপি নেতৃত্বাধীন চৰকাৰে পাৰ হৈ যোৱা বিধানসভা নির্বাচনত সদম্ভে কৰা দাবীৰ প্রকৃত স্বৰূপ উন্মোচিত হ’ল নির্বাচন পাৰ হৈ যোৱাৰ এটা পষেকৰ পিছতে৷ চৰকাৰৰ ‘নিশ্ছিদ্র পহৰা’ৰ বেষ্টনী ওফৰাই কাজিৰঙাত পুনৰ চোৰাং চিকাৰীয়ে নিধন কৰিলে জগত বিখ্যাত এশিঙীয়া গঁড়৷ অতি আশ্চর্যজনকভাৱে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খড়গ কাটি নিয়াৰ তিনি দিন পিছতহে এই ভয়াৱহ ঘটনাৰ বিষয়ে উমান পাইছে চৰকাৰৰ বন বিভাগে৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনৰ হনুমান বন শিবিৰৰ সমীপৰ ইলেখন্দা বিলত মঙলবাৰে সন্ধিয়া উদ্ধাৰ হয় খড়গহীন এটা মতা গঁড়ৰ মৃতদেহ৷ পূব অসম বন সংমণ্ডল প্রাধিকাৰী বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে, তিনি–চাৰি দিন পূর্বে গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে খড়গটো লৈ উধাও হৈছে৷ এই ভয়ংকৰ ঘটনা কুম্ভকর্ণ নিদ্রাত থকা কাজিৰঙাৰ বন বিভাগে তিনি–চাৰি দিন পিছতহে অৱগত হয়৷ অহৰহ টহল দি থকাৰ পিছতো চোৰাং চিকাৰীৰ এটা দলে ৰাষ্ট্রীয় উদ্যানখনত প্রৱেশ কৰি মতা গঁড় হত্যা কৰি খড়গ কাটি নিয়া ঘটনাই স্বাভাৱিকতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

নিয়মীয়া টহল দিবলৈ যোৱা বনকর্মীৰ দলে পানীত ওপঙি থকা খড়গবিহীন মতা গঁড়টো উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা থ্রী নট থ্রী ৰাইফলৰ দুটা খালী কার্ট্রিজো উদ্ধাৰ কৰে৷ হাস্যকৰভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ এগৰাকী শীর্ষ বিষয়াই ক’ৰোনাৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রায় বনকর্মীয়ে ক’ভিড পৰীক্ষা কৰিবলৈ ওলাই অহাৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে এই ঘটনা সংঘটিত কৰা বুলি প্রকাশ কৰিছে৷ নিশ্চিতভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষা ব্যৱস্থাত এতিয়াও যে বৃহৎ সুৰুঙা আছে, সেয়া শেহতীয়া এই গঁড় হত্যাই পুনৰ প্রতীয়মান কৰিছে৷ তাৎপর্যপূর্ণভাৱে যোৱা কিছুদিন ধৰি চোৰাং চিকাৰীৰ দলে উদ্যানখনৰ গঁড় হত্যাৰ চেষ্টা চলাই থকাৰ বিষয়ে বন বিভাগে আগতীয়াকৈ তথ্য লাভ কৰিছিল৷

কিয়নো দুদিন পূর্বে ৰাষ্ট্রীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত গঁড় হত্যা কৰিবলৈ যোৱা তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলক অস্ত্রসহ আটক কৰিবলৈ সক্ষম হৈছিল জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে বিগত বিধানসভা নির্বাচনত বিজেপি চৰকাৰৰ জ্যেষ্ঠ নেতাসকলৰ উপৰি ৰাষ্ট্রীয় পর্যায়ৰ নেতাসকলেও অসমত গঁড় হত্যা ৰোধ কৰাত সফল হোৱা বুলি দাবী কৰিছিল৷

You might also like