নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত দিন–দুপৰতে গুলীয়াই গঁড় হত্যা চোৰাং চিকাৰীৰ

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট:  বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ সময়তে কাজিৰঙাত সংঘটিত হৈছে এক গঁড হত্যাৰ ঘটনা৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ নদীপৰীয়া গবৰাই বন শিবিৰ এলেকাত চোৰাং চিকাৰীয়ে এটা মাইকী গঁড হত্যা কৰি খড়গ কাটি লৈ যাবলৈ সক্ষম হয়৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে জনোৱা মতে, শুকুৰবাৰৰ দিনা বিয়লি তিনি বজাত কঁহৰা বনাঞ্চলৰ গবৰাই, বৰবিল আৰু কাঠনিবাৰীৰ বন শিবিৰৰ বনকর্মীয়ে ৬ জাঁই গুলীৰ শব্দ শুনিবলৈ পাই অভিযান আৰম্ভ কৰিছিল৷ শনিবাৰে পুৱা নদীপৰীয়া অঞ্চলত পোৱা চোৰাং চিকাৰীৰ পদচিহ্ণ অনুসৰণ কৰি গবৰাই বন শিবিৰ এলেকাত খড়গবিহীন মৃত গঁড এটা উদ্ধাৰ কৰে বনকর্মীয়ে৷ ঘটনাস্থলীৰ পৰা বনকর্মীয়ে ৩.৩ ৰাইফলৰ ৬ জাঁই ব্যৱহূত গুলীও উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে৷

সম্প্রতি চোৰাং চিকাৰীৰ সন্ধানত অভিযান চলাই আছে বনকর্মীসকলে৷ ইফালে ঘটনাৰ সৈতে জডিত থকা সন্দেহযুক্ত এজন চোৰাং চিকাৰীক বিশ্বনাথ বন সংমণ্ডলৰ বনকর্মীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ এই গঁডটোক লৈ চলিত বর্ষত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত চোৰাং চিকাৰীৰ এয়া দ্বিতীয়টো গঁড হত্যা৷ উল্লেখ্য কালি দিন–দুপৰতেই চোৰাং চিকাৰীয়ে ছয় জজাইকৈ গুলী কৰি গঁড নিধন কৰিছিল৷ বাধাহীনভাৱে চোৰাং চিকাৰীয়ে খডগ কাটি নিয়াৰ ২০ ঘণ্টাৰ পাছতহে কাজিৰঙাৰ সুৰক্ষা কর্মীয়ে খডগবিহীন মৃত গঁডটো বিচাৰি পাইছিল৷

উদ্যান কর্তৃপক্ষই এই ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলাইছিল৷ কাৰণ চোৰাং চিকাৰীয়ে গঁড নিধন কৰা ঘটনাটো বাধ্য হৈ উদ্যান কর্তৃপক্ষই ২২ ঘণ্টাৰ পাছতহে সংবাদ মাধ্যমক অৱগত কৰিছে৷ ইফালে নাওত উঠি অভিযান চলাবলৈ যোৱা দুগৰাকী বনকর্মীক নাওসহ বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷ লগে লগে বন বিভাগৰ এটা দলৰ তৎপৰতাত দুয়োজন বনকর্মীৰ সৌভাগ্যক্রমে প্রাণৰক্ষা পৰে৷ ইয়াৰ পাছতে মহকুমা আৰক্ষী বিষয়া আৰু এজন সহকাৰী বন সংৰক্ষক বোকাৰ পলসত আবদ্ধ হৈ পৰিছিল যদিও পাছত তেওঁলোককো উদ্ধাৰ কৰা হয়৷

অক্টোবৰত আছুৰ অধিৱেশন: নতুন নেতৃত্বত কোন?

২০২১ত কংগ্রেছ–ইউডিএফে একেলগে যুঁজিব বিধানসভা নির্বাচনত

 

You might also like