নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ ৰিয়াজুল ইছলামৰ বিয়োগ

নিয়মীযা বাৰ্তা, ২১ নৱেম্বৰঃ ৰূপহীহাটৰ তাৰাবাৰী মহম্মদ ইদ্ৰিছ মে’মৰিয়েল ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰিয়াজুল ইছলামৰ হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়৷ অধ্যক্ষজনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷ অধ্যক্ষজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে স্কুলখনৰ প্ৰাক্তন আৰু বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলে ঘৰত উপস্থিত হৈ অধ্যক্ষজনৰ আত্মাৰ সদগতি কামনা কৰি শোকস্তব্দ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ কলেজৰ খেল পথাৰত অধ্যক্ষজনৰ জানাজাৰ নামাজ সম্পন্ন কৰা হব ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like