নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র এবছৰৰ ব্যৱধানতে এজনৰ সাঁজত ব্যয় বৃদ্ধি ১০ শতাংশ

🔶 বজাৰৰ জুইত দগ্ধ সর্বসাধাৰণ জনতা

🔶প্রতি প্লেটত বিগত বর্ষৰ জুন মাহৰ ২৬.৭০ টকাৰ পৰিৱর্তে চলিত বছৰত খৰচ হ’লগৈ ২৯.৪০ টকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ বান–খহনীয়া–খৰাং সদৃশ পৰিস্থিতিৰ দৰে দুর্যোগে কোঙা কৰা সর্বসাধাৰণ জনতাক ভূতৰ ওপৰত দানহ পৰা দি বজাৰৰ জুইকুৰাই সম্পূর্ণৰূপে দগ্ধ কৰি পেলাইছে৷ নিতৌ ঊর্ধ্বমুখী হৈ গৈ আছে দাম বৃদ্ধিৰ গ্রাফডাল৷ নিত্য ব্যৱহার্য–ত্যাৱশ্য সামগ্রীৰ পৰা জীৱনদায়িনী ঔষধলৈ, শিশু খাদ্যৰ পৰা ফলমূললৈ, কাপোৰৰ পৰা ইন্ধনলৈ সকলোতে দামবৃদ্ধিৰ হাতোৰা৷ কোনো ফালৰ পৰাই খাটিখোৱা জনসাধাৰণে সকাহ পোৱা নাই৷ এককথাত ক’বলৈ গ’লে দাম বৃদ্ধিৰ ফলত সর্বসাধাৰণে দৈনন্দিন জীৱন যাত্রাত উৱাদিহ নোপোৱা হৈছে৷ পৰিস্থিতি এনেকুৱা হৈছেগৈ যে ক্ষুধা নিবাৰণ কৰি জীয়াই থাকিবলৈ এসাঁজ নিৰামিষ আহাৰ যোগাৰ কৰাটোও ভাবিব নোৱাৰা যেন হৈ পৰিছে দৰিদ্র–নিম্ন মধ্যবিত্তসকলৰ বাবে৷ মূল্যায়ন সংস্থা ‘ক্রিছিল মার্কেট ইণ্টিলিজেঞ্চ এণ্ড এনালাইছিছ’–এ বিগত জুন মাহৰ বাবে প্রকাশ কৰা ‘ৰুটি–ভাতৰ দাম’ শীর্ষক প্রতিবেদনতেই এই কথা স্পষ্ট হৈছে৷ প্রতিবেদনত সন্নিৱিষ্ট তথ্য অনুসৰি মাত্র এটা বছৰৰ ব্যৱধানতে দেশত ১০ শতাংশ অধিক ব্যয়বহুল হৈছে এজন লোকৰ এসাঁজ নিৰামিষ আহাৰ৷ এককথাত ক’বলৈ গ’লে সম্প্রতি এসাঁজ নিৰামিষ আহাৰ মহার্ঘস্বৰূপ হৈ পৰিছে৷ বিগত বর্ষৰ জুন মাহত এজন লোকৰ এসাঁজ নিৰামিষ আহাৰত হোৱা ব্যয় আছিল ২৬.৭০ টকা৷ কিন্তু চলিত বর্ষৰ জুন মাহত এই ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে ২৯.৪০ টকালৈ৷ অর্থাৎ এক প্লেট নিৰামিষ আহাৰৰ বিপৰীতে এই সময়ছোৱাত সর্বসাধাৰণে অতিৰিক্তভাৱে ২.৭০ টকা ভৰিবলগীয়া হৈছে৷ লক্ষণীয়ভাৱে ২০২৪ চনৰ এটা মাহৰ ব্যৱধানত এক প্লেট নিৰামিষ আহাৰৰ খৰচ বাঢ়িছে ১.৬০ টকা৷ যোৱা মে’ মাহত এসাঁজ নিৰামিষ আহাৰত ২৭.৮০ টকা ব্যয় হোৱাৰ বিপৰীতে জুন মাহত ইয়াৰ পৰিমাণ হ’লগৈ ২৯.৪০ টকা৷ আমিষ আহাৰৰ ক্ষেত্রত ব্রয়লাৰ মুর্গীৰ দাম ১৪ শতাংশ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত বিগত বর্ষৰ তুলনাত এইবাৰ খৰচ কিছু কমিছে৷ কিন্তু এইবছৰৰ মে’ আৰু জুন মাহত ইয়াৰ যথেষ্ট পার্থক্য পৰিলক্ষিত হয়৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিগত বর্ষৰ জুন মাহত এসাঁজ আমিষ আহাৰত ৬০.৫০ টকা ব্যয় হোৱাৰ বিপৰীতে চলিত বর্ষৰ জুন মাহত ইয়াৰ পৰিমাণ হৈছে ৫৮ টকা৷ পিছে যোৱা জুন মাহত প্রতি প্লেট আমিষ আহাৰত খৰচ আছিল ৫৫.৯০ টকা৷ অর্থাৎ এটা মাহৰ ব্যৱধানতে এজন লোকৰ এসাঁজ আমিষ আহাৰত ২.১০ টকা ব্যয় বৃদ্ধি পাইছে৷ প্রধানতঃ বজাৰত চাউল–দাইল–আলু–পিঁয়্ দৰ বৃদ্ধি পোৱাৰ ফলতেই এনেদৰে বাঢ়িছে নিৰামিষ–আমিষ আহাৰৰ দাম৷ বিশেষকৈ নিৰামিষভোজীসকলৰ ক্ষেত্রত ই বিৰূপ প্রভাৱ পেলাইছে৷ আমিষ আহাৰ বুলি কওঁতে মূল্যায়ন সংস্থাটোৱে ইয়াত সামৰি লৈছে ৰুটী, পাচলি (পিঁয়াজ, বিলাহী আৰু আলু), ভাত, দাইল, দৈ আৰু চালাড৷ বিগত বর্ষৰ তুলনাত এইবাৰ সামগ্রিকভাৱে পিঁয়াজত ৪৬ শতাংশ, বিলাহীত ৩০ শতাংশ আৰু আলুত ৫৯ শতাংশ দাম বৃদ্ধি হৈছে৷ প্রতিবেদনখনত কোৱা হৈছে যে এইবাৰ ৰবি শস্যৰ বতৰত অভাৱনীয়ভাৱে পিঁয়াজৰ উৎপাদন হ্রাস পাইছে৷ সেইদৰে যোৱা মার্চ মাহত উৎপাদিত স্থানত হোৱা অতি বৃষ্টিৰ ফলত নেতিবাচক প্রভাৱ পৰিছে আলু উৎপাদনত৷ সেইদৰে বিলাহী উৎপাদনকাৰী অগ্রণী ৰাজ্য কর্ণাটক আৰু অন্ধ্রপ্রদেশত তাপ প্রবাহৰ কাৰণে পাচলিবিধ ভবা ধৰণে উৎপাদন নহ’ল৷ তদুপৰি দাইলৰ দামো ২২ শতাংশ বিগত বর্ষৰ তুলনাত বৃদ্ধি হৈছে৷ ইফালে, আমিষ আহাৰৰ ক্ষেত্রত মূল্যায়ন সংস্থাটোৱে দাইলক বাদ দি ব্রয়লাৰ মুর্গীক অন্তর্ভুক্ত কৰে৷ বিগত বর্ষৰ জুন মাহৰ তুলনাত চলিত বর্ষৰ জুনত ব্রয়লাৰ মুর্গীৰ দাম ১৪ শতাংশ হ্রাস পালেও যোৱা মে’ মাহতকৈ জুন মাহত ইয়াক ক্রয় কৰাত বজাৰত অতিৰিক্ত ধন ভৰিবলগীয়া হৈছে৷ এনেদৰে বজাৰত খাদ্য–সামগ্রীৰ আকাশলংঘী দাম বৃদ্ধিয়ে সর্বসাধাৰণ জনতাক ঠেলি দিছে চৰম দুর্ভোগৰ মাজলৈ৷

You might also like