নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ এক দুৰ্ঘটনাত হেৰুৱাইছে এখন হাত; কিন্তু আজিলৈ হাতপতা নাই কাৰোৰে তাত। অদম্য মনোবলৰ ধুবুৰীৰ এগৰাকী ৰিক্সাচালকৰ কাহিনী এয়া। বিগত দহ বছৰৰ পৰা চহৰখনত ৰিক্সা চলাই উপাৰ্জন কৰা সামান্য ধনেৰে পোহপাল দি আহিছে নিজৰ পৰিয়ালক। ৰ’দ, বতাহ, বৰষুণ, শীত নেওচি এখন হাতেৰেই ধুবুৰীত ৰিক্সা চলাই আছে ৰফিক সেখ নামৰ সেই লোকজন। ‘‘ওঠৰ বছৰ আগে এটা দুৰ্ঘটনাত হাতখন গ’ল। দহ বছৰৰ পূৰ্বৰ পৰা ৰিক্সা চলাই আছোঁ। আজিলৈ ভিক্ষা বিছৰা নাই কাৰো ওচৰত। ভিক্ষাৰ ধনেৰে কিদৰে নিজৰ ল’ৰা দুটাক মানুহ কৰিম।’’ এয়াই স্বীভিমানী ৰফিকৰ ভাষ্য। পিছে আজিলৈ একো চৰকাৰী পাবলৈ সমৰ্থ ন’হল তেওঁ। ‘‘ধুবুৰীৰ এমএলএ চাহাবৰ পৰা একো পোৱা নাই আজিলৈ। গ’লে বাহ বাহ কৰে কেৱল। চাগে মই ভিক্ষা বিছৰাটো বিছাৰে।’’ স্পষ্ট কথা ৰ’ফিক আলী নামৰ সামান্য এগৰাকী ৰিক্সাচালকৰ। পিছে ৰফিক আলীৰ এটা সপোন আছে; সপোন বয়সে ভাটি দিয়াৰ আগত সৰু দোকান এখন খুলাৰ। ‘‘চিএম ছাৰ বহুতোৰে উপকাৰ কৰা বুলি শুনিছোঁ। ছাৰে মোক অকণমান সহায় কৰিলে দোকান এখন খুলিলোহেঁতেন। কিন্তু আজিলৈ লগ পোৱা নাই তেখেতক, লগ ধৰিবলৈও যোৱা নাই অৱশ্যে।’’ এয়াই একমাত্ৰ বাসনা লোকজনৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী