ধুবুৰীৰ পৰা অমিতাভ চক্ৰৱৰ্তীৰ প্ৰতিবেদন, ২৯ মাৰ্চঃ বয়সে ভাটি দিলেও হাৰ মানা নাই তেওঁ। পেছাত তেখেত এগৰাকী ৰিক্সাচালক। প্ৰতিদিনে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলচৰাৰৰ ভাৰাঘৰৰ পৰা নিজৰ ৰিক্সাখন লৈ ওলাই আহে সত্তোৰৰ্ধৰ শেখ আহমেদ আলী নামৰ এই বৃৃদ্ধগৰাকী। ৰ’দ-বৰষুণ-শীত নেওচি ধুবুৰী চহৰত ভাৰা মাৰে তেওঁ। এইদৰে নিতৌ পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় তেওঁৰ জীৱন সংগ্ৰাম। ৰমজানৰ এই মাহতো প্ৰচণ্ড গৰমতো ৰিক্সা চলাইছে তেওঁ; নাই কোনো বিকল্প পথ উপাৰ্জনৰ। এইদৰেই ৰিক্সা চলাই ভাৰা ৰূপে দৈনিক ২শৰ পৰা ৩শ টকা পায় আলী চাচাই। এইদৰেই বিগত ৫০ বছৰে নিজৰ পৰিয়ালক পোহাতে দি আহিছে তেওঁ। এইদৰেই ক’লা শাখাৰ স্নাতক ডিগ্ৰী পাচ কৰা নিজ কন্যাৰ পঢ়াৰ খৰচো যোগান ধৰাৰ সমান্তৰালকৈ কন্যাৰ বিয়াৰ ব্যায়ো বহন কৰিছে তেওঁ। আহমেদ আলীৰ ঘৰত আছে এতিয়া বিকলাংগ পত্নী। পিছে পৰিতাপৰ কথা কিন্তু এয়াই যে অসম চৰকাৰৰ কোনো এখন আঁচনিও কিন্তু বৰ্তমানলৈ ঢুকি পোৱা নাই আলীক। আনকি এই বাৰৰ অৰুণোদয় ৩.০ আঁচনীতো স্থান নাপালে তেওঁৰ পত্নীয়ে। নিজৰ মাটি-বাৰি নাই সেয়ে নাপালে পিএমএৱাই আঁচনীৰ গৃহ। এসময় অৱশ্যে বৃদ্ধ পেঞ্চন পাইছিল যদিও বিগত এবছৰৰ পৰা সেয়াও বন্ধ হেনো তেওঁৰ। থকাৰ ভিতৰত আছে কেৱল ৰেচন কাৰ্ড। “চাওক আঁচনিত নাম সোমাবলৈ কাক কাক খাটনি ধৰিব। ৰিক্সাই চলাম নে মানুহৰ পিছে পিছে দৌৰি ফুৰিম। মাজে মাজে বেয়া লাগে মনত; কিন্তু দিয়া নাই যদি কি কৰা যাব। কিন্তু বয়স হ’ল। বহুতেই মোৰ বয়সৰ বাবে মোৰ ৰিক্সাত উঠিবলৈ দ্বিধাবোধ কৰে; কিন্তু ৰিক্সা চলাই ভাৰা নামাৰিলে খান কি, পত্নীৰ কি হ’ব।” মনত তেওঁৰ অযুত সাহস পৰিশ্ৰম কৰাৰ; সপোন ভাল ভাৰা পোৱাৰ। কিন্তু হৃদয়ৰ এটি গোপন কক্ষত যেন আছে তেখেতৰ এক নিঃশব্দ ক্ষৰণ, একে নোপোৱাৰ; শংকাও অনাগত ভৱিষ্যতক লৈ!