নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক পৰ্যায়ৰ ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত উজলিল ধুবুৰীৰ ঋদ

নিয়মীয়া বাৰ্তা, ২৮ জুন : ৰাজ্যিক প্ৰেক্ষাপটত ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই। উল্লেখ্য যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৩সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ কলাক্ষেত্ৰত অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ যায় দ্বিতীয় ৰাজ্যিক পৰ্যায়ৰ ৰবীন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা। ধুবুৰী জিলাৰ পৰা প্ৰথম স্থান লাভ কৰি অংশ লোৱা ৰাজ্যিক পৰ্যায়ৰ সেই প্ৰতিযোগিতাখনৰ ৰবীন্দ্ৰ সংগীতৰ ‘ক’ শাখাত তৃতীয় স্থান লাভ কৰে ঋদ মল্লিক নামৰ কণমানিটোৱে। পিতৃ ড০ দীপংকৰ মল্লিক আৰু মাতৃ নিভেদিতা দেৱনাথ মল্লিকৰ পুত্ৰ তথা ধুবুৰী চহৰৰ আৰ কে মিছন ৰোডৰ বাসিন্দা ঋদ কেৱল ৰবীন্দ্ৰ সংগীতেই নহয়; অসমীয়া, হিন্দী আদি বিভিন্ন ভাষাৰ গানতো পাৰ্গত। শিশু কালৰে পৰা সংগীতৰ প্ৰতি অসীম ধাউতি থকা কণমানিটোৰ আছে ঈশ্বৰপ্ৰদত্ত এক অসাধাৰণ কণ্ঠস্বৰ। এতিয়া ঋদৰ পৰৱৰ্তী লক্ষ্য দেশৰ আগশাৰীৰ ছেটেলাইট চেনেল এটাই আয়োজন কৰি অহা “লিটল চেম্প” নামৰ সংগীত প্ৰতিযোগিতাখন জিনি ধুবুৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like