নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰগঞ্জত উদ্ধাৰ ৰাইডাৰ ননীৰ চুৰি বাইক

🔹 বাইক চোৰ ফিৰোজ কাজী-আশ্ৰাফুল দেৱানক আটক

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জত উদ্ধাৰ হয় ৰাইডাৰ ননীৰ বাইক। সৰুসজাইৰ এটা গেষ্ট হাউছৰ পৰা চুৰি হৈছিল বাইকখন। যোৱানিশা বশিষ্ঠ থানাৰ আৰক্ষী আৰু ফকিৰগঞ্জ আৰক্ষীয়ে ফকিৰগঞ্জ প্ৰেম বজাৰত উদ্ধাৰ কৰে বাইকখন ৷ এই সন্দৰ্ভত দুজনক আৰক্ষীয়ে আটক কৰি বাইকসহ নিশাই গুৱাহাটীলৈ লৈ যায় ৷ আটকাধীনদ্বয় ফকিৰগঞ্জ বালাটাৰী গাঁৱৰ আফছাৰ কাজীৰ পুত্ৰ ফিৰোজ কাজী আৰু বাসানীপাৰা গাঁৱৰ আব্দুল জোব্বাৰ পুত্ৰ আশ্ৰাফুল দেৱান।

You might also like