নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বোৱা-কটা কেন্দ্ৰৰ আধুনিক গৃহৰ উদ্বোধনী অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী – গ্ৰামাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা সকলোক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ অসম তথা ভাৰত চৰকাৰৰ বহু অভিলাষি আঁচনিৰ ভিতৰত বোৱা-কটা শিল্প অন্যতম। অসম চৰকাৰৰ তত্বাৱধানত চলি থকা মিতালী সংঘ গুৱাহাটীৰ উদ্যোগত আজি কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। বকোৰ চকাবাহা গ্ৰামদানী মহিলা সমিতিৰ বোৱা কটা কেন্দ্ৰত আয়োজন কৰা হয় আধুনিক গৃহৰ উদ্বোধনী অনুষ্ঠান।

অসমৰ সাংসদ ৰিপুন বৰাৰ সাহাৰ্য্য পূজিৰে নতুনকৈ নিৰ্মাণ কৰা আধুনিক গৃহ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ CMD ৰিণিকি ভূঞা শৰ্মাই। উল্লেখ্য যে সাংসদ পূজিৰ ২০১৯/২০ বৰ্ষৰ মুঠ ৭:৫০ লাখ টকা আচনিৰ আৱন্টিত ধনেৰে নিৰ্মাণ কৰা হয় গৃহটো।

ইফালে মিতালী সংঘ গুৱাহাটীৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা দত্ত আৰু সম্পাদিকা জয়শ্ৰী শৰ্মাই জনোৱা মতে পূৰ্বৰ সভানেত্ৰী মীনা ভূঞা আৰু সম্পাদিকা দীপা বৰুৱাৰ তত্বাৱধানত চলা পূৰ্বৰ সমিতিৰ উদ্যোগত নিৰ্মান কৰা গৃহটো নতুনকৈ গঠন কৰা সমিতিৰ সহযোগত উদ্ধোধন কৰা হয়। ইফালে গৃহ উদ্ধোধনী অনুষ্ঠানৰ জৰিয়তে নাৰীৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভিন্ন সজাগতাৰ কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছে বুলি জানিব দিয়ে সভানেত্ৰী চন্দ্ৰপ্ৰভা দত্তই। আনহাতে গৃহ উদ্ধোধনী অনুষ্ঠানৰ পিছতে আয়োজন কৰা এক সমাত মুগা আৰু এৰিৰ গুণাগুণৰ ওপৰত আলোকপাত কৰি এৰি মুগাৰ সুতা লগতে কাপোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কৰিব লগা কৰ্মৰাজিৰ বিষয়ে বৰ্ণনা কৰে। ভূঞা ডাঙৰীয়ানীয়ে নিজৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে মিতালী সংঘৰ বকোস্থিত বোৱা কটা কেন্দ্ৰৰ দায়িত্ব লৱ বুলি জনায় আৰু কেন্দ্ৰটোৰ উত্তোৰণ ঘটোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like