🔹 প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অভিনৱ পদক্ষেপ
🔹 আধাতে বিদ্যালয় এৰা শিশুক পুনৰ শিক্ষা প্রদানৰ প্রয়াস
নিয়মীয়া বার্তা, মাজবাট, ১৮ এপ্রিল : বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰা অথবা সঠিক পৰিৱেশ লাভ নকৰা শিক্ষার্থীসকলক শিক্ষা প্রদানৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে৷ এক মহান উদ্দেশ্যৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উদ্যোগত ‘বাল্যচ’ৰা’ নামেৰে এক পাঠশালাৰ শুভাৰম্ভ কৰা হৈছে৷ পাইলট প্রজেক্ট হিচাপে মাজবাটৰ ৩৯ নম্বৰ পাঁচনৈ চেৰফাং সমষ্টিৰ লামাবাৰী ভিচিডিচিৰ উত্তৰ সোণাপুৰ প্রাথমিক বিদ্যালয়ত এই ‘বাল্যচ’ৰা’ৰ শুভ উদ্বোধন কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক লৈ দেখা সপোনৰ বাস্তৱ ৰূপ প্রতিফলিত হৈছে ওদালগুৰি জিলাৰ মাজবাটত৷ পিতৃ–মাতৃয়ে যেনেদৰে সন্তানক লৈ সপোন দেখে, তেনেদৰে অসমৰ মুখ্যমন্ত্রীয়েও আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক লৈ বহু সপোনক বাস্তৱ ৰূপ দিয়াৰ নিমিত্তে জনগোষ্ঠীটোৰ আধাতে বিদ্যালয় এৰা শিশুসকলক পুনৰ বিদ্যালয়লৈ ওভতাই অনাৰ বাবে পৰীক্ষামূলকভাৱে প্রথমবাৰৰ বাবে বাল্যচ’ৰা নামেৰে শিক্ষানুষ্ঠান স্থাপন কৰা হৈছে৷ যিসকল শিশুৱে বিভিন্ন সমস্যাৰ বাবে বিদ্যালয় এৰিবলগীয়া হৈছিল সেইসকল শিশুক বয়স অনুসৰি প্রথমমানৰ পৰা দশমমানলৈ বিয়লি ৪ বজাৰ পৰা ৫.৩০ বজালৈ পাঠদান কৰা হ’ব৷ এই বিদ্যালয়ত শিক্ষক হিচাপে গাঁৱৰেই শিক্ষিত যুৱক–যুৱতীসকলক্ জড়িত কৰা হ’ব৷ ইতিমধ্যে শিক্ষিত যুৱক–যুৱতীসকলক জিলা বুনিয়াদী শিক্ষক প্রশিক্ষণ কেন্দ্র দলগাঁও আৰু ওদালগুৰিত তিনিদিনীয়া প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ তেওঁ লগতে কয় যে ‘বাল্যচ’ৰা’ স্থাপন কৰাত তেওঁলোকে বাহিৰৰ পৰা সহায়–সহযোগ কৰিছে যদিও ৰাইজে শিক্ষানুষ্ঠানখন পৰিচালনা কৰিব লাগিব৷ ‘বাল্যচ’ৰা’লৈ শিশুসকল অহা–নহাটো ৰাইজৰ ওপৰত সম্পূর্ণৰূপে নির্ভৰ কৰিব৷ যিসকল শিশু বিদ্যালয়লৈ নাহে, তেওঁলোক কিয় বিদ্যালয়লৈ নাহে তাৰ খবৰ ৰাইজে ৰাখিব লাগিব৷ এই সন্দর্ভত শৈক্ষিক গোট, মাতৃগোট আৰু গাঁওসভা নামেৰে তিনিখন সমিতি গঠন কৰা হৈছে৷ এই সমিতিকেইখনে বিদ্যালয়খন পৰিচালনা কৰিব৷ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত শর্মাই এইবুলিও কয় যে ভৱিষ্যৎ প্রজন্মক লৈ এখন সুন্দৰ সমাজ গঢ়িবলৈ বিচৰা হৈছে৷ সন্তান ডাঙৰ মানুহ হোৱাটো প্রত্যেক মাক–দেউতাকৰ সপোন৷ এই সপোন পূর্ণ কৰিবলৈ সহায়ক হিচাপে তেওঁলোক আগবাঢ়ি আহিছে৷ ইয়াৰ পিছতে এই পদক্ষেপৰ অধীনতে মাজুলীতো একেই ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আন আন স্থানসমূহতো একেধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ‘বাল্যচ’ৰা’ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি তেজপুৰ লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ পল্লৱলোচন দাসে আদৰণী ভাষণত কয় যে শিক্ষা অবিহনে জীৱন আধৰুৱা৷ ব’হাগ মাহৰ পৰা প্রকৃতিৰ পৰিৱর্তন হোৱাৰ লেখীয়াকৈ মাজবাট–সোণাপুৰ গাঁৱৰ পৰাই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবেও পৰিৱর্তন আহিল৷ ‘বাল্যচ’ৰা’ শিক্ষানুষ্ঠান অসমৰ অন্যান্য জিলাৰ গাঁওসমূহলৈও সম্প্রসাৰণ কৰা হ’ব৷ অনুষ্ঠানত উপস্থিত থাকি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উপ–সভাপতি তথা ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনে কয় যে যোৱা ১২ মার্চত অঞ্চলটো পৰিদর্শন কৰাৰ পিছত এমাহৰ ভিতৰত ‘বাল্যচ’ৰা’ সাজু কৰা হৈছে৷ ২২ এপ্রিলৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্রীগৰাকীৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়া হৈছে৷ ইফালে, অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া কুন্তলমণি শর্মা বৰদলৈয়ে কয় যে বাহিৰৰ পৰা সহায় কৰি ‘বাল্যচ’ৰা’ৰ ভেটি নির্মাণ কৰা হ’ল যদিও এই ব্যৱস্থাক ৰাইজে আগবঢ়াই লৈ যাব লাগিব৷ অনুষ্ঠানত কিষাণ মর্চাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত ভট্টাচার্য, প্রাক্তন পাৰিষদ জিতু কিষাণ, পাঁচনৈ চেৰফাং মণ্ডল বিজেপিৰ সভাপতি জীৱন ডেকা, অৱসৰপ্রাপ্ত শিক্ষক ৰামকৰণ গোড়, মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক হেমন্ত কুমাৰ মাহাতো, ধনশ্রী ৬ নম্বৰ লাইন প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক কৈলাস গোড় উপস্থিত থাকে৷ ৩৯ নম্বৰ পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰে আঁত ধৰা অনুষ্ঠানটোত গছেনপুৰ, শান্তি ভাগলপুৰ, সোণাপুৰ গাঁৱৰ বহু লোক উপস্থিত থাকে৷