নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিব্যাংগ শিশুলৈ আগবঢ়োৱা বাছ গ্রহণ ৰিণিকি ভূঞা শর্মাৰ

🔹 স্বেচ্ছাসেৱী সংস্থা ‘উদয়াচল’লৈ সহায়ৰ হাত ফেডাৰেল বেংকৰ

বিশেষ বাৰ্তা, ৩ জুলাই : ‘উদয়াচল’লৈ ফেডাৰেল বেংকৰ সহায়ৰ হাত৷ বিশেষভাৱে সক্ষম শিশু, কিশোৰ–কিশোৰীৰ শিক্ষা আৰু মানসিক বিকাশৰ বাবে কাম কৰি অহা স্বেচ্ছাসেৱী সংস্থা ‘উদয়াচল’লৈ ফেডাৰেল বেংকে আগবঢ়ালে এখন বাছ৷ উল্লেখ্য যে গুৱাহাটীৰ পাণ্ডুস্থিত যাদৱ চন্দ্র ভূঞা মেম’ৰিয়েল ট্রাষ্টৰ অন্তর্গত সংস্থা উদয়াচলে দীর্ঘদিন ধৰি বিশেষভাৱে সক্ষম শিশুসকলৰ উত্তৰণৰ বাবে কাম কৰি আহিছে৷ মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ডেৰ শতাধিক দিব্যাংগ শিশুক বিভিন্ন ধৰণে শিক্ষাদান কৰি আহিছে৷ স্কুলীয়া শিক্ষাৰ লগতে ক্রীড়াৰ জৰিয়তেও শিশুসকলক আগুৱাই নিছে উদয়াচলে৷ এই স্বেচ্ছাসেৱী অনুষ্ঠানটোক বিত্তীয় প্রতিষ্ঠান ফেডাৰেল বেংকে চি এছ আৰ ফাণ্ডৰ পৰা এখন বাছ আগবঢ়ায়৷ এক মাংগলিক কার্যসূচীৰ জৰিয়তে ফেডাৰেল বেংক কর্তৃপক্ষৰ পৰা উদয়াচলৰ মুখ্য পৰিচালন ন্যাসৰক্ষী ৰিণিকি ভূঞা শর্মাই আনুষ্ঠানিকভাৱে বাছখন গ্রহণ কৰে৷ ৰিণিকি ভূঞা শর্মাই শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত দিব্যাংগ শিশুসকলৰ সর্বাংগীণ বিকাশৰ যাত্রাত যাতায়াতৰ সুবিধাৰ বাবে ফেডাৰেল বেংক কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে৷

এই সন্দর্ভত ৰিণিকি ভূঞা শর্মাই কয়– বিশেষভাৱে সক্ষম শিশুসকলক জীৱনৰ বাটত আগুৱাই নিবলৈ আমি সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছোঁ৷ প্রতিটো শিশুক বিভিন্ন বিভাগত প্রশিক্ষিত কৰি থকা হৈছে৷ যাৰ বাবে ক্রীড়া ক্ষেত্রত কেইবাজনো শিশুৱে বিশেষ সাফল্য লাভ কৰিছে৷ ফেডাৰেল বেংকে দিয়া এই বাছখনৰ দ্বাৰা দূৰ–দূৰণিৰ পৰা শিশুসকলক অনা–নিয়াত যথেষ্ট সুবিধা হ’ব৷ পৰিচালন ন্যাসৰক্ষী ৰিণিকি ভূঞা শর্মাই নতুন বাছখনত শিশুসকলক উঠাই এক যাত্রাত সহযোগ কৰে৷ এই কার্যসূচীত ফেডাৰেল বেংক কর্তৃপক্ষৰ হৈ উপস্থিত থাকে উত্তৰ–পূবৰ মাণ্ডলিক মুৰব্বী চুবু আৰ এছ, অসম আঞ্চলিক মুৰব্বী ন’বেল বাবী আৰু গুৱাহাটী ব্রাঞ্চ হেড অমৃতৰাজ যোশী৷

You might also like