নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ালয়ত ওলমি ৰৈছে ৰিপুণ বৰাৰ ভাগ্য

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ চাহ জনগোষ্ঠীয় জনপ্রিয় নেতা ডেনিয়েল তপ্ণৰ হত্যাকাণ্ডৰ গোচৰত নিম্ন আদালতত নথিপত্র দাখিল কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ হত্যাকাণ্ডটোৰ অনুসন্ধানকাৰী সংস্থা চিবিআয়ে দাখিল কৰা ২৩০/২০১৪ নম্বৰৰ ‘ক্রিমিনেল ৰিভিউ’ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে এই নির্দেশ দিছে৷ ইয়াৰ পূর্বৰ শুনানিত গোচৰটোৰ সমূহ নথিপত্র দাখিল কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু আজি পুনৰ চিবিআয়ে নথিপত্র দাখিল কৰিবলৈ ব্যর্থ হয়৷ যাৰ পৰিপ্রেক্ষিতত ন্যায়ালয়ে গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ৩ ডিচেম্বৰ ধার্য কৰি নিম্ন আদালতত নথিপত্র দাখিলৰ নির্দেশ দিয়ে৷ ইয়াৰ লগে লগে আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ ওলমি ৰ’ল অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ ৰাজনৈতিক ভাগ্য৷

উল্লেখ্য যে ১৯৯৬ চনৰ বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰা চাহ জনগোষ্ঠীয় নেতা ডেনিয়েল তপ্ণক ২০০০ চনৰ ছেপ্ঢেম্বৰত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুষৃকতিকাৰীয়ে নৃশংসভাৱে হত্যা কৰিছিল৷ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰিছিল ৰিপুণ বৰাৰ৷ পৰৱর্তী সময়ত গোচৰটোৰ তদন্তৰ দায়িত্ব চিবিআইক অর্পণ কৰা হৈছিল৷ অৱশ্যে সত্র ন্যায়াধীশৰ আদালতে তথ্য–প্রমাণৰ অভাৱত এই গোচৰটোত দোষমুক্ত কৰে প্রদেশ কংগ্রেছৰ বর্তমানৰ সভাপতিজনক৷

আনহাতে গোচৰটোৰ তদন্তৰ মাজতে নতুন দিল্লীৰ এখন হোটেলত চিবিআইৰ বিষয়াক ১০ লাখ টকা উপঢ়ৌকন দিবলৈ গৈ বৰাই হাতে–লোটে ধৰা পৰে৷ সেই সময়ত তদানীন্তন কংগ্রেছ চৰকাৰৰ কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰি আছিল ৰিপুণ বৰাই৷ উপঢ়ৌকন দিয়া গোচৰটোত চিবিআই আদালতে তেওঁক তিহাৰ জে’ললৈ প্রেৰণ কৰিছিল৷ পৰৱর্তী সময়ত জামিনত মুক্তি লাভ কৰে বৰাই৷ ২০১৪ চনত আদালতে উপঢ়ৌকন দিয়া গোচৰটোত ক্লীনশ্বীট দিয়ে ৰিপুণ বৰাক৷

ইফালে, সত্র ন্যায়াধীশৰ আদালতে মূল গোচৰটোত প্রদেশ কংগ্রেছৰ সভাপতিজনক দোষমুক্ত বুলি প্রদান কৰা ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অনুসন্ধানকাৰী সংস্থা চিবিআই৷ দীর্ঘদিনে এই গোচৰটোৰ শুনানি স্থবিৰ হৈ আছিল যদিও শেহতীয়াকৈ পুনৰ শুনানি আৰম্ভ হৈছে৷

You might also like