বিশেষ বাৰ্তা, ১৩ জুলাইঃ কংগ্ৰেছলৈ উভতি যোৱাৰ সম্ভাৱনা অস্বীকাৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। আজি এখন সংবাদ মেলত এপিচিচি সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে অসমত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাটোৱেই মোৰ লক্ষ্য। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বক্তব্য সন্দৰ্ভত আজি এখন সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি যোৱাৰ সম্ভাৱনা নস্যাৎ কৰি অসমত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাটোৱেই তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ৰিপুণ বৰা সন্দৰ্ভত ‘ৰাজনৈতিক দলত অহা যোৱা চলিয়েই থাকে আৰু আমি বিৰোধী ঐক্যত ইতিমধ্যে একেলগে আছোৱেই’ বুলি মন্তব্য কৰি প্ৰকাৰান্তৰে মই কংগ্ৰেছ দললৈ উভতি যোৱাৰ সপক্ষে বক্তব্য ৰাখিছে। এইক্ষেত্ৰত মই স্পষ্ট কৰি দিওঁ যে মই কংগ্ৰেছলৈ উভতি যোৱাৰ কোনো প্ৰশ্নই নুঠে। পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ ৰিপুণ বৰাক নপঠিওৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত স্পষ্ট কৰি ৰিপুণ বৰাই কয়, ৰাজ্যসভালৈ যোৱাৰ লক্ষ্য বা চুক্তিৰে মই তৃণমূল কংগ্ৰেছত যোগদান কৰা নাছিলোঁ। ক্ষমতা লাভৰ কথা চিন্তা কৰাহেঁতেন তৃণমূল কংগ্ৰেছত যোগদান নকৰিলোহেঁতেন। কাৰণ মই যোগদান কৰাৰ সময়ত অসমত দলটোৰ ভেটি প্ৰায় শূন্য আছিল। আৰু যোৱা ডেৰটা বছৰে যথেষ্ট ত্যাগ স্বীকাৰ কৰি দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰি এক সন্তোষজনক পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছো। এতিয়া অসমত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাটোৱেই মোৰ একমাত্ৰ লক্ষ্য। আৰু ইয়াৰ বাবে সম্পূৰ্ণ নিষ্ঠা আৰু আন্তৰিকতা সহকাৰে দলীয় সতীৰ্থসকলক লগত লৈ সাংগঠনিক কাম কৰি আছো, কাম কৰি যাম। লগতে তেওঁ কয়, ইয়াত সম্পূৰ্ণ শান্তিৰে কাম কৰাৰ সুযোগ পাইছো। কিন্তু অসম তৃণমূল কংগ্ৰেছত মই সম্পূৰ্ণ স্বাধীন আৰু স্বতন্ত্ৰতাৰে কাম কৰিব পাৰিছো। মোৰ সাংগঠনিক অভিজ্ঞতাৰে সৰ্বোচ্চ উজাৰি অসম তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰি যোৱাটোৱেই মোৰ লক্ষ্য।’
Next Post
You might also like