নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’টত ওলমিছে ৰিপুণ বৰাৰ ৰাজনৈতিক ভাগ্য

২০ অক্টোবৰত ডেনিয়েল তপ্ণ’ গোচৰৰ পৰৱর্তী শুনানি

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   সুদীর্ঘ ৬ বছৰৰ মূৰত উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ উত্থাপন হৈছে চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্ণ’ৰ হত্যাকাণ্ডৰ গোচৰ৷ এই গোচৰত নিম্ন আদালতে প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাক দোষমুক্ত ঘোষণা কৰা ৰায়ক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে চি বি আই৷ চি বি আয়ে দাখিল কৰা ২৩০/২০১৪ নম্বৰৰ ক্রিমিনেল ৰিভিউ পিটিচনখন আজি শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে৷ অৱশ্যে গোচৰটো সন্দর্ভত সোমবাৰে চি বি আয়ে ৰেকর্ড দাখিল কৰিব নোৱাৰা বাবে পৰৱর্তী শুনানিৰ দিন অহা ২০ অক্টোবৰ ধার্য কৰা হৈছে৷ ইয়াৰ লগে লগে প্রদেশ কংগ্রেছৰ সভাপতিজনৰ ৰাজনৈতিক ভাগ্য পুনৰ ওলমি ৰ’ল উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ উল্লেখ্য যে ১৯৯৬ চনৰ বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে গহপুৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা চাহ জনগোষ্ঠীৰ জনপ্রিয় নেতা ডেনিয়েল তপ্ণ’ক ২০০০ চনৰ ছেপ্টেম্বৰত হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ৷ পৰৱর্তী সময়ত চাঞ্চল্যকৰ এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক অর্পণ কৰা হয়৷ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কার্যকালত কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়তে ৰিপুণ বৰাই নতুন দিল্লীৰ এখন হোটেলত চি বি আইৰ বিষয়াক ১০ লাখ টকা উপঢ়ৌকন দিবলৈ গৈ হাতে–লোটে ধৰা পৰে৷ এই গোচৰটোত ৰিপুণ বৰাই তিহাৰ কাৰাগাৰত থাকিবলগীয়া হয়৷ পৰৱর্তী সময়ত এই গোচৰটোত তেওঁ জামিন লাভ কৰাৰ লগতে আদালতেও ক্লীনশ্বীট দিয়ে৷ সমান্তৰালভাৱে সত্র ন্যায়াধীশৰ আদালতে ডেনিয়েল তপ্ণ’ৰ হত্যাকাণ্ড গোচৰটোৰ পৰা দোষমুক্ত কৰে ৰিপুণ বৰাক৷ অৱশ্যে তদন্তকাৰী সংস্থা চি বি আয়ে নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে৷ কিন্তু দীর্ঘদিনে এই গোচৰটো শুনানিৰ বাবে অহা নাছিল যদিও এই আবেদন শুনানিৰ বাবে পুনৰ তালিকাভুক্ত হোৱাত ৰাজনৈতিকভাৱে যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো চমু চাপি আহিছে ২০২১ চনৰ বিধানসভা নির্বাচন৷ সেয়েহে পৰৱর্তী শুনানিসমূহত ৰিপুণ বৰাৰ বিৰুদ্ধে চি বি আয়ে উচ্চ ন্যায়ালয়ত কি ধৰণৰ নথিপত্র দাখিল কৰে, সেয়া লক্ষণীয় হ’ব৷ ইপিনে, সোমবাৰে ৰাজীৱ ভৱনত এখন সংবাদ মেলত প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে শীঘ্রে চি বি আয়ে এটা মীমাংসাত উপনীত হ’ব লাগে৷ বাৰে বাৰে এই গোচৰটোৰ শুনানি দীঘলীয়া কৰি থকাতকৈ সোনকালে নিষ্পত্তি কৰাটো উচিত৷

You might also like